অসম চৰকাৰৰ সকলো বিভাগৰ নিযুক্তি পৰীক্ষাৰ এতিয়াৰে পৰা অনুষ্ঠিত কৰিব কেন্দ্ৰীয় অথবা ৰাজ্যিক বিশ্ববিদ্যালয়ে।ৰাজ্যিক কেবিনেটে বুধবাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগৰ আগন্তুক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে চাৰিখন বিশ্ববিদ্যালয়ক দিয়া হৈছে দায়িত্ব।ৰাজ্যৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী।
উল্লেখ যে আগন্তুক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়িত্ব লাভ কৰা বিশ্ববিদ্যালয়সমূহ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়,অসম বিশ্ববিদ্যালয়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগন্তক আৰক্ষী, গৃহৰক্ষী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব।
উদ্যোগিক আৰু বাণিজ্যিক, দক্ষতা বিকাশ, পৰিবহন, বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে।
অসম বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব সমাজ কল্যাণ, ছয়েল কনজাৰভেচন বিভাগৰ নিযুক্তি পৰীক্ষা।
জলসিঞ্চন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিব তেজপুৰ বিশ্ববিদ্যালয়ে।
উল্লেখ যে ব্যক্তিগত সংস্থাসমূহে অনুষ্ঠিত কৰা চৰকাৰী নিযুক্তি পৰীক্ষাত সৃষ্টি হোৱা বিশৃংখলতাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
- Log in to post comments
- 13 views