অসম আৰক্ষীৰ প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তক ৬দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ।সাত দিনৰ বাবে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীক চিআইডিয়ে নিজৰ জিম্মাত বিচাৰিছিল।কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দত্তক ছয় দিনৰ জিম্মাত দিয়ে।উল্লেখ যে অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত থকাৰ অভিযোগত মঙলবাৰে ভাৰত-নেপাল সীমান্তৰ পৰা দত্তক গ্ৰেপ্তাৰ কৰা হয়।
চিআইডিয়ে দত্তৰ বিৰুদ্ধে ২১/২০ নম্বৰ গোচৰত নিজৰ জিম্মাত লৈছে।উচ্চতম ন্যায়ালয়ৰ গাইড লাইন মানি চলিবলৈ ন্যায়ালয়ে আদেশ জাৰি কৰিছে।
ইফাল বিভিন্ন ৰোগত আক্রান্ত দত্তক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ কৰাৰ বাবেও আদালতে নিৰ্দেশ দিয়ে।
গুৰুত্বপূৰ্ণ যে যোৱা ২০ ছেপ্টেম্বৰৰ পৰা আত্মগোপন কৰি আছিল দত্তই।
- Log in to post comments
- 17 views