মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ক’ভিড-১৯ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ ৩ৰাতি পিছতেই ৰাষ্ট্ৰপতি বাসভৱন 'হোৱাইট হাউচ'লৈ ঘূৰি আহে বাকীখিনি চিকিৎসা তাৰ পৰাই ল’বৰ বাবে ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই কাৰ্যই জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
স্বাস্থ্যৰ অৱনতিৰ পিছতো হোৱাইট হাউচৰ বেলকনিৰপৰা সাংবাদিকৰ কেমেৰাৰ বাবে মাস্ক আঁতৰাই ভংগীমা দিয়ে ৷ ট্ৰাম্পৰ চিকিৎসকৰ মত অনুসৰি তেওঁ এতিয়াই চাৰিবেৰৰ মাজৰপৰা ওলাবলৈ নালাগিছিল ৷
উল্লেখ্য যে ট্ৰাম্পৰ কেইবাজনো কৰ্মচাৰী তথা সহযোগী ইতিমধ্যে ক’ভিড-১৯ পজিটিভ হিচাপে চিহ্নিত হৈছে ৷
- Log in to post comments
- 20 views