ক'ভিড আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ক্ৰমাৎ আৰোগ্য হৈছে।এখন সেনা চিকিৎসালয়ত চিকিৎসাধীন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্বাস্থ্য উন্নত হ'বলৈ ধৰিছে বুলি উল্লেখ কৰিছে হোৱাইট হাউচৰ চিকিৎসক ছীন ক'নলীয়ে।উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পক ৰেমডিছিবিৰ থেৰাপীৰে চিকিৎসা কৰা হৈছে।চলিত বছৰৰ আৰম্ভণিতে ট্ৰাম্প প্ৰশাসনে ৰেমডিছিবিৰ থেৰাপীৰে ক'ৰ'না ৰোগীক চিকিৎসা কৰাৰ অনুমতি প্ৰদান কৰিছিল।
- Log in to post comments
- 8 views