"নিজৰে নিবনুৱা ভাই-ভতিজাকেইটাৰ সৈতে আৰু কিমান হেতালি খেলিব সৰ্বানন্দ সোণোৱালে"-লুৰিনজ্যোতি গগৈ

Lurinjyoti Gogoi

*নতুন নিযুক্তিত ৰাজ্য চৰকাৰৰ পুঁজি নথকাৰ বাবে কৌশলেৰে বাতিল কৰা হ'ল এছআই পদৰ লিখিত পৰীক্ষা*

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাণ্ডক তীব্র সমালোচনা সদৌ অসম ছাত্ৰ সন্থাই।লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত বাতিল হোৱাৰ পিছতে সামাজিক মাধ্যমৰ জৰিয়তে 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়-"ভণ্ড আৰু প্ৰতাৰক শাসক নিপাত যাওঁক‌।"

অসম আৰক্ষীৰ ৫৯৭ টা উপ- পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা আধাতে বাতিল কৰিব লগা হোৱা পৰিস্থিতিৰ বাবে দায়ী কোন?কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয় বুলি প্ৰশ্ন কৰি গগৈয়ে কয়-"বছৰ বছৰ জুৰি এটা চাকৰিৰ কাৰণে হা-হুমুনিয়াহ কাঢ়ি থকা লাখ লাখ শিক্ষিত ছাত্ৰ ছাত্ৰীৰ মনত এনে ঘটনাই কেনেধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে,এবাৰ ভাবি চাইছেনে মুখ্যমন্ত্ৰীগৰাকীয়ে।২৩লাখ নিবনুৱাক সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনৰ দিনত বাৰে বাৰে নিবনুৱাসকলৰ জীৱনৰ লগত হেতালি খেলা হৈছে।"

চৰকাৰে নিবনুৱাসকলক কৰি অহা প্ৰতাৰণাৰ কথা উল্লেখ কৰি তেওঁ কয়-"জলসিঞ্চন বিভাগৰ নিযুক্তি,এপিডিচিএলৰ বাচনি পৰীক্ষা সম্পাদন কৰিবলৈ নোৱাৰা চৰকাৰে  ফলাফল ঘোষণাৰ এবছৰ উকলি যোৱাৰ পিছতো বিদেশী ন্যায়ধীকৰণৰ ১৬০০ প্ৰাৰ্থীক নিযুক্তি দিব নোৱাৰিল।"

নিবনুৱা সমস্যাৰ সমাধানৰ কথা কোৱা চৰকাৰখনক সমালোচনা কৰি তেওঁ আৰু কয়-"২০১৮ চনৰে পৰা অসম অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই একমাত্ৰ পৰীক্ষা ব্যৱস্থাত থাকি যোৱা ক'ৰ'নাৰ কাৰণে"।

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বাচনি পৰীক্ষা সম্পৰ্কত উত্থাপিত অভিযোগ তদন্তৰ নামত চলিল ভেকোভাওনা বুলি উল্লেখ কৰি গগৈয়ে কয়-"নতুন নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ পুঁজি নাই বাবেই অতি কৌশলেৰে প্ৰশ্নকাকত ফাদিল কৰি উপ-পৰিদৰ্শক পৰীক্ষা বাতিল কৰিছে।"এটা নিযুক্তি নিকাকৈ দিব নোৱাৰা বিজেপি চৰকাৰখনক গৰিহনা জনাই সমগ্ৰ ঘটনাৰ উপযুক্ত তদন্ত দাবী কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

"নিজৰে নিবনুৱা ভাই-ভতিজাকেইটাৰ সৈতে আৰু কিমান হেতালি খেলিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই"-লুৰিনে লগতে কয়।

Your Comments