"সময়সীমাৰ অন্তিম দিনটোতো 'এজেপি'ৰ সঁহাৰি নাই,এটা সপ্তাহৰ ভিতৰত কৃষক মুক্তিয়ে গঠন কৰিব নিজা ৰাজনৈতিক দল"

Kmss

*এখন পতাকা,প্ৰতীক নহ'লেও একেখন মঞ্চত আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ পোষকতা কৃষক মুক্তিৰ*

এটা দল,এখন পতাকা,এটা প্ৰতীকেৰে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰে ৰাজনৈতিক যুঁজ দিয়াৰ কথা চুড়ান্ত কৰাৰ বাবে কৃষক মুক্তি সংগ্রাম সমিতিয়ে ২০ ছেপ্টেম্বৰৰ সময়সীমা বান্ধি দিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত 'অসম জাতীয় পৰিষদ'ক।উক্ত সময়ৰ ভিতৰত নৱ-গঠিত ৰাজনৈতিক দলটোক কৃষক মুক্তিয়ে নিশ্চিত প্ৰদান কৰিব কৈছিল ৰাজনৈতিকভাৱে তেওঁলোকে ঐক্যবদ্ধ হৈ যুঁজিব নে নাই।কিন্তু কৃষক মুক্তিয়ে বান্ধি দিয়া সময়সীমাৰ আজি অন্তিম দিন।এজেপিলৈ অপেক্ষা কৰি কোনো ধৰণৰ সঁহাৰি নাপালে কৃষক মুক্তিয়ে।ফলত নিজাকৈ ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কৰিলে সংগঠনটোৰ সভাপতি ভাস্ক'-ডি শইকীয়াই। 

গুৱাহাটীৰ গান্ধীবস্তিৰ মুখ্য কাৰ্যলয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয়-"এটা দল হৈ ঐক্যবদ্ধ যুঁঁজ দিয়াৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি আজিলৈ পোৱা নাই।তথাপিও আমি আশাবাদী।এটা দলত ঐক্যবদ্ধ নহ'লেও সকলো আঞ্চলিক একেখন মঞ্চত ঐক্যবদ্ধ হ'ব।"

বান্ধি দিয়া সময়সীমাৰ ভিতৰত কোনো ধৰণৰ সঁহাৰি নোপোৱাত কৃষক মুক্তিয়ে প্ৰস্তাৱিত ৰাজনৈতিক দল গঠন কৰাৰ দিশত আগবাঢ়িছে।জাতি,জনগোষ্ঠীৰ সকলো দল- সংগঠনৰ সৈতে সিদ্ধান্ত মৰ্মে ছেপ্টেম্বৰ মাহৰ ভিতৰত গঠন হ'ব ৰাজনৈতিক দল।অহা এটা সপ্তাহৰ ভিতৰত অসমবাসীয়ে ভাল খবৰ লাভ কৰিব বুলিও তেওঁ লগতে কয়।

আনহাতে,অসম আৰক্ষীৰ  উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা বাতিল কৰিব লগা হোৱাটো গৃহ বিভাগৰ ব্যৰ্থতা বুলি উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয়-"অসম চৰকাৰৰ গৃহ বিভাগৰ আযোগ্যতাৰ  প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে।"সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্তৰ দাবী কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰো দাবী জনায় সংগঠনটোৱে।

Your Comments