বিজেপিৰ উত্তৰ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ কমিটী গঠন 

হাজোৰ পৰা কমলাকান্ত দাস:

যোৱা ১৫ ছেপ্টেম্বৰত ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ কমিটীখন গঠন কৰে ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান,উত্তৰ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আতাউৰ ৰহমান আৰু উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি নন্দন তালুকদাৰে।হাজো সমষ্টিৰ বিজেপি সংখ্যালঘু  মৰ্চাৰ (উত্তৰ হাজো)  আতাউৰ ৰহমানক সভাপতি,মইদুল ইছলাম,নুৰ মহম্মদ আলীক(উত্তৰ হাজো) উপ-সভাপতি,জাকিৰ হুছেইন (হাজো)ক সাধাৰণ সম্পাদক,ইফতিকাৰ আলী আহমেদ (উত্তৰ হাজো) আৰু আৰিফুল ইছলাম (হাজো)ক সম্পাদক,তাইজুদ্দিন আহমেদ (হাজো)ক কোষাধ্যক্ষ,ছবিনা বেগম(উত্তৰ হাজো)ক সম্পাদিকা,ইকবাল হুছেইনক(উত্তৰ হাজো) আইটি চেলৰ আহ্বায়ক,জান্নুৰ আলী,কহিনুৰ পাৰবিন,মাজিদা বেগম,ডাউদ আলীক(হাজো) সদস্য আৰু জাকিৰুল ইছলামক আমন্ত্ৰিত সদস্য হিচাপে নিযুক্তি দিয়া হয়।

Your Comments