দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ সেৱা সপ্তাহ কাৰ্যসূচী ৰূপায়ণৰ অংশ হিচাপে ঘগ্ৰাপাৰস্থ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ নেতৃত্বত ১০২ টা বুথত ৭০ জোপাকৈ গছ পুলি ৰোপণ কৰে।বৃহস্পতিবাৰে এই অভিযানৰ অংশ হিচাপে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাঁও পঞ্চায়তৰ বিভিন্ন বুথৰ সমান্তৰালভাৱে পঞ্চায়তখনৰ অন্তৰ্গত চতমা খ ২০৪ বুথত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা উপস্থিত থকা বৃক্ষ ৰোপণ কাৰ্যসূচীটোৰ আঁত ধৰে জ্যেষ্ঠ বিজেপি নেতা চন্দন শৰ্মাই।উক্ত কাৰ্যসূচীত দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,গাঁও সভাৰ সদস্য মুকুট শৰ্মা আদিয়ে বিভিন্ন প্ৰজাতিৰ ৭০ জোপা গছ পুলি ৰোপণ কৰে। ইফালে দতৰা গাঁও পঞ্চায়তো বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক শ্যামন্ত শৰ্মা আৰু বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱাৰ নেতৃত্বত প্ৰতিটো বুথত এই বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। ঠিক সেইদৰে আজি উক্ত মণ্ডলৰ অন্তৰ্গত ১০২ টা বুথত মণ্ডল বিষয়ববীয়া,শক্তি কেন্দ্ৰ আহ্বায়ক,বুথ সভাপতিৰ লগতে দলীয় কাৰ্য্যকৰ্তাসকল আৰু প্ৰতিনিধিসকল উপস্থিত থাকি বৃক্ষ ৰোপণ কাৰ্যসূচী কৰে বুলি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই জানিবলৈ দিয়ে।লগতে বেজবৰুৱাই কয় যে আজিৰ এই গছ পুলি ৰোপনে পৃথিৱী সেউজীয়া কৰাত সহায় কৰিব।
- Log in to post comments
- 23 views