বঙাইগাঁৱত কলিতা ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট 

Bongaigaon

*কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কলিতা জনগোষ্ঠীক সম-অধিকাৰ আৰু সম-মৰ্যাদা প্ৰদানৰ দাবী*

বঙাইগাঁৱৰ প্ৰতিবেদক:

কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কলিতা জনগোষ্ঠীক সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰদানৰ দাবীত বুধবাৰে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত সদৌ বঙাইগাঁও জিলা কলিতা ছাত্ৰ সন্থাই তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ কলিতা ছাত্ৰ সন্থাৰ বঙাইগাঁও,গোৱালপাৰা আৰু ধুবুৰী জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ নেতাইও অংশ গ্ৰহণ কৰে।অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে প্লেকাৰ্ড লৈ কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক , কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কলিতাসকলক সম অধিকাৰ প্ৰদান কৰক,প্ৰাগজ্যোতিষপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰক ,ন' এছ টি ন'ৰেষ্ট ,অসম চৰকাৰ হায় হায় , বিভাজনৰ ৰাজনীতি নচলিব , কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কলিতা জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।ইফালে, অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ কলিতাৰ লগতে সদৌ কলিতা ছাত্ৰ সন্থাৰ বঙাইগাঁও, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সভাপিতিত্ৰয় ক্ৰমে নীলমণি কলিতা ,অম্বিকা পাটগিৰি আৰু যতন কলিতাই কয় যে যোৱা তিনি ছেপ্টেম্বৰত অসম বিধানসভাই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ২০২০ বিধেয়কখন গৃহীত কৰিছিল আৰু সেইদিনাই সদৌ কলিতা ছাত্ৰ সন্থাই সংবাদমেল অনুষ্ঠিত কৰি এই বিধেয়ক সম্পৰ্কত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ সাত দিনৰ সময়সীমা বান্ধি দিছিল ৷ আৰম্ভণিৰে পৰা সদৌ কলিতা ছাত্ৰ সন্থাই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক আৰু কোচ ৰাজবংশী জনগণৰ সংগ্ৰামক সমৰ্থন জনাই আহিছোঁঁ আৰু ইয়াক লৈ আমাৰ দ্বিমত নাই যে বিদেশী আগ্ৰাসনৰ পৰা বাচিবলৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ লাগিবই ৷ কিন্তু অসম চৰকাৰে যি বিভাজনকামী নীতিৰে আমাৰ জাতি জনগোষ্ঠীক ভাগ ভাগ কৰিছে সেই আহফলা নীতিৰ আমি বিৰোধিতা কৰিছোঁঁ ৷ প্ৰথম কথা বিলখনৰ প্ৰস্তাৱনাত লিখিছে কমতাপুৰ স্বায়ত্ত পৰিষদ কোচ ৰাজংশীসকলৰ বাবে গঠন কৰা হ'ব ৷ যিটো অত্যন্ত দুৰ্ভাগ্যজনক,কিয়নো বিদেশীৰ আগ্ৰাসনৰ পৰা কমতাপুৰৰ ভূমিপুত্ৰ ৰাজবংশীসকলৰ লগতে কলিতা, নাথ- যোগী,দেশী সকলো সমানে আক্ৰান্ত ৷ যদি ইয়াৰ উদ্দেশ্যে ভূমিপুত্ৰসকলক ৰাজনৈতিক,অৰ্থনৈতিক তথা ভূমি অধিকাৰ প্ৰদান কৰা তেন্তে চৰকাৰক জনাও যে কমতাপুৰ কলিতা ,নাথ আৰু দেশীসকলৰ নাড়ী পোতা ঠাই ৷ এওঁলোক যাবলৈ আৰু দ্বিতীয় স্থান নাই ৷ তেনেস্থলত এইসকল লোকক বাদ দি যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ হ'ব সেয়া অসম্ভৱ কথা ৷ দ্বিতীয়তে পঞ্চাশ শতাংশ কলিতা,যোগী বা দেশী মানুহৰ ভূমি তথা ৰাজনৈতিক অধিকাৰ খৰ্ব হ'ব নেকি বা তাতো বিটিচিৰ দৰে পৰিৱেশ হ'ব নেকি , সম বিকাশ,সম অধিকাৰ নাইকিয়া হ'ব নেকি এই কথাবোৰ চৰকাৰে স্পষ্ট কৰিব লাগিব ৷  তৃতীয়তে আসনসমূহ ৰাজবংশীৰ বাবে থাকিলেও ভোটাৰসকল যদি পূৰ্ববংগীয় মূলৰ হয় পৰিষদৰ উদ্দেশ্য সিদ্ধি হ'ব নে? কলিতা,নাথ- যোগী,দেশীসকলৰ সহযোগ আৰু ভোট অবিহনে কমতাপুৰ বাচিব নে বুলিও প্ৰশ্ন উত্থাপন  কৰি চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগিছিল বুলি কয় ৷ যদিহে আমাৰ সহযোগ লাগে,আমাক জনসংখ্যা অনুপাতে আসন দিয়া নাই কিয় সেয়া চৰকাৰক স্পষ্ট কৰিবলৈ দাবী জনায় ৷ সেইদৰে  কমতাপুৰ কাহানিও এটা জনগোষ্ঠীৰ নাছিল বুলি উল্লেখ কৰি ১৫০৯  চনত হাড়িয়া মেচে ১২খন গাঁওৰ অধিপতি হৈ কোচ ৰাজ্য স্থাপন কৰাৰ আগত এই অঞ্চল হাজাৰ হাজাৰ বছৰ কামৰূপৰ অবিচ্ছেদ্য অংগ আছিল বুলি কয় ৷ হাড়িয়া মণ্ডলৰ নাতি মহাৰাজ নৰনাৰায়ণে অকল কোচ মানুহক নহয় সমগ্ৰ জাতিসত্বাক একত্ৰিত কৰি এই ভূখণ্ডত সভ্যতা-সংস্কৃতিৰ বিস্তাৰ কৰিছিল ৷ আজি অসম চৰকাৰে কমতাপুৰৰ নামত আহফলা ৰাজনীতি কৰিছে আমাৰ স্পষ্ট কথা কোচ ভাতৃসকলে আন্দোলন কৰি ফল পাইছে ৷ সেয়ে আমি হেঙাৰ নহওঁ৷ কিন্তু সকলোকে লগত লৈ সম অধিকাৰ, সম মৰ্যাদা আৰু সম বিকাশেৰে আগবাঢ়ি নগ'লে বিটিচিৰ দৰে পৰিৱেশ নহ'ব বুলি নুই কৰিব নোৱাৰি ৷ কোচ ৰাজবংশীসকলে অতীতক উপলব্ধি কৰক ৷ অকলে আগবাঢ়ি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিলে সেয়া আজমলক গতাই দিয়াহে হ'ব ৷ আনহাতে, অসম চৰকাৰক সকলো কথা স্পষ্ট কৰিবলৈ সাত দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল যদিও চৰকাৰে সাত দিনৰ ভিতৰত কোনো এটা কথাৰে উত্তৰ দিয়া দূৰৰ কথা বৰং আমাৰ কলিতা ,নাথ - যোগী ,দেশী সমন্বয় সমিতিক নিমন্ত্ৰণ জনাবলৈ সময় নোলাল ৷ তেনেস্থলত বাধ্য হৈ সমন্বয় সমিতিয়ে সাত জনীয়া আইনী গোট বনাই ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ'ল বুলিও কয়।লগতে কলিতাসকলৰ জাতীয় সংগঠন হিচাপে সদৌ কলিতা ছাত্ৰ সন্থাই আন্দোলন ঘোষণা কৰিবলৈ বাধ্য হয় ৷ সেইমৰ্মে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত কমতাপুৰ পৰিষদৰ অধীনৰ তিনিখন জিলাৰ কলিতা ছাত্ৰ সন্থাৰ সদস্যসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে বুলি কয় ৷ এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক শেষবাৰৰ বাবে সকিয়াই দি কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত যদি কলিতাসকলে সম মৰ্যাদা নাপায়,তেন্তে চৰকাকৰ বিৰুদ্ধে ৰাজনৈতিক বিকল্পৰ কথা ভাবিবলৈ বাধ্য হ'ব ৷ 

Your Comments