হাজোত দিন-দুপৰতে দুৰ্বৃত্তই পঞ্চায়ত সভাপতিৰ পৰা লুটিলে ১ লাখ ২০ হাজাৰ টকা 

হাজোৰ পৰা কমলাকান্ত দাস: 

হাজোত বুধবাৰে এটা নাটকীয় ডকাইতিৰ ঘটনা সংঘটিত হয়।এগৰাকী গাঁঁও পঞ্চায়ত সভাপতিৰ পৰা এক লাখ বিশ হাজাৰ টকা লুট কৰি নিয়াৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, ৰামদিয়া নগেন ডেকা গাঁঁও পঞ্চায়তৰ সভাপতি তফিকুৰ ৰহমানে দুপৰীয়া প্ৰায় ১২-৩০ বজাত হাজোস্থিত ভাৰতীয় ষ্টেট বেঙ্কৰ পৰা এক লাখ বিশ হাজাৰ টকা একাউণ্টৰ পৰা উলিয়াই আনি বেঙ্কৰ সম্মুখত ৰখাই থোৱা নিজৰ চাৰি চকীয়া বাহনৰ আগৰ আসনত থৈ ঘৰলৈ যাবলৈ ওলাইছিল।তেনে সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা মাস্ক পৰিহিত এটা দুৰ্বৃত্তই গাড়ীখনৰ ওচৰতে কিছু টকা পেলাই থৈ আহি দাদা আপোনাৰ টকা পৰিছে বুলি অৱগত কৰে।ৰহমানেও সঁচাকৈ নিজৰ টকা পৰা বুলি  পিছফালগৈ বুটলিবলৈ লওঁতে দুৰ্বৃত্তজনে গাড়ীৰ পৰা টকাৰ বেগটো লৈ উধাও হয় ।ইফালে ৰহমানে টকা বুটলি গাড়ী চলাই প্ৰায় দুশ মিটাৰ মান যোৱাৰ পিছতে গাড়ীত বেগটো নেদেখি হতভম্ব হৈ পৰে।ততালিকে,ৰহমানে বেংকলৈ উভতি গৈ দুৰ্বৃত্তটোক বিচাৰে যদিও কোনো শুংসূত্ৰ নেপাই বেংক কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে অৱগত কৰি হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।হাজো আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে জোৰ তদন্ত চলাইছে।

Your Comments