দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুন্দৰগাওঁ-জাবৰিহাটীত সৰ্প-দংশনত এগৰাকী কণমানি শিশুৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।সৰ্প-দংশনত মৃত শিশুটিক কোলাত লৈ পিতৃয়ে চিকিৎসালয়লৈ অহাৰ পিছত শোক বিহ্বল হৈ পৰে চিকিৎসালয় চৌহদ।জিলাখনৰ কুন্দৰগাঁঁৱৰ জাবৰিহাটীৰ নাছেৰ আলী আৰু চাকিনা বেগমৰ একমাত্ৰ সাত বছৰীয়া পুত্ৰ সন্তান আব্দুল হকে দেওবাৰে বিয়লিৰ ভাগত নিজ গৃহৰ ভিতৰত খেলি আছিল।সেই সময়তে কেঁঁচা গৃহটোৰ ভিতৰতে এটা বিষাক্ত সাপে মুহূৰ্ততে শিশুটোক দংশন কৰা বুলি জনাৰ লগে লগে হাহাকাৰময় অবস্থাৰ সৃষ্টি হয় পৰিয়ালটোত।শিশুটোক বিষাক্ত সৰ্পই দংশন কৰাৰ লগে লগে পিতৃয়ে স্থানীয় লোকৰ সহযোগত শিশুটোক নলবাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।কিন্তু,শিশুটোৰ মৃত্যু হোৱা বুলি চিকিৎসকে ইতিমধ্যে ঘোষণা কৰাত চিকিৎসালয়খনত ক্ৰন্দনৰ ৰোল উঠে।
ইফালে,মৃত শিশুটোক কোলাত লৈ দৰিদ্ৰ পৰিয়ালটোৰ পিতৃয়ে গৃহলৈ যাবলৈ বিচাৰে যদিও স্থানীয় লোকসকলে আৰ্থিক অনুদান তুলি এখন এম্বুলেন্সেৰে গৃহলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে।মৃত শিশুটোক গৃহলৈ লৈ যোৱাৰ পিছত আন এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় গাওঁখনত।
- Log in to post comments
- 17 views