পূব বংশৰ 'আছু'ৰ ব্যতিক্ৰমী পদক্ষেপ:ঘৰে ঘৰ গৈ কৃতীমানক অভিনন্দন 

Aasu

মৃণাল ডেকা,শুৱালকুছি:

ক'ৰ'না মহামাৰীৰ সংক্ৰমণৰ বাবে দেশত চলি থকা সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে ৰাজহুৱাভাৱে নহয়,ঘৰে ঘৰে গৈ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে 'আছু'ৱে।সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আলিকাষ,গন্ধমৌ বংশৰত অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক ঘৰে ঘৰে গৈ অভিনন্দন জনায়।দিনৰ প্রায় ১১ বজাত শিঙিমাৰী আলিকাষত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয় যে বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যসন্মত বিধি আৰু নীতি-নিয়মৰ মাজেৰে কৃতীমান ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁঁ ছাত্ৰ-ছাত্ৰীসকলক সামাজিক দায়িত্ববোধৰ লগতে নিষ্ঠা আৰু সততাৰে শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।এই অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক নিজকে সুনাগৰিক হিচাপে গঢ়ি তুলি পৰিয়াল তথা সমাজখনলৈ শুভ বাৰ্তা দিবলৈ আহ্বান জনায়।এই অনুষ্ঠানত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই শিক্ষাৰ্থীসকলে নিজকে সুনাগৰিক হিচাপে গঢ়ি তুলি পৰিয়াল তথা সমাজখনলৈ শুভ বাৰ্তা দিবলৈ আহ্বান জনায়।এই কাৰ্যসূচীৰ জৰিয়তে এইবেলি হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত শিঙিমাৰী-আলিকাষ-বামুণবড়ী হাইমাদ্ৰাছাৰ পৰা দ্বিতীয় স্থান প্ৰাপক আপছানা য়াছমিন সহ পূব বংশৰ অঞ্চলৰ ডিষ্টিংচন আৰু ষ্টাৰ প্ৰাপক মুঠ ৮০ গৰাকী শিক্ষাৰ্থীক মানপত্ৰ আৰু ফুলাম গামোচাৰে অভিনন্দন জনায়।এই কাৰ্যসূচীৰ শুভাৰম্ভ হিচাপে ৭ গৰাকী কৃতি ছাত্ৰ - ছাত্ৰীক অভিনন্দন জনোৱা হয়।সোমবাৰৰ কার্যসূচীত  উপস্থিত থাকে ক্ৰমে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাস,সাধাৰণ সম্পাদক হেমন্ত দাস,ৰিংকু নাথ,পূব বংশৰ 'আছু'ৰ সভাপতি মনোৰঞ্জন দাস,উপদেষ্টা তপন বৈশ্য,বিশিষ্ট শিক্ষাবিদ কনক দাস,  আছু নেতা দিপাংকৰ শৰ্মা,সুৰজিৎ কলিতা,পংকজ কনিতা,ৰাতুল দাস আদি কেইবাজনো ছাত্ৰ নেতা।

 

Your Comments