দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰত শনিবাৰে বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰা হয়।দিনৰ ১১ বজাত বিধায়ক পুঁজিৰ অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা নতুন ভৱনটোৰ শুভ উদ্বোধন কৰে বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি খগেন্দ্ৰ নাথ তালুকদাৰে ৷ বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সহকাৰী সাধাৰণ সম্পাদক উমেশ বৈশ্যৰ সামগ্ৰিক পৰিকল্পনাৰে অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ নাগৰিক মনহৰি বৰ্মা,অৰৱিন্দ বৈশ্যসহ ভালেসংখ্যক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ঘগ্ৰাপাৰ পশু চিকিৎসালয়ৰ সন্মুখত ৩ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ভৱনটোৱে জ্যেষ্ঠ নাগৰিকসকলৰ দীৰ্ঘদিনীয়া এটি সপোন পূৰণ কৰিব বুলি আশা কৰা হৈছে ৷
উদ্বোধনী অনুষ্ঠানটোত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও তেওঁৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাত তেওঁ উপস্থিত হ’ব নোৱাৰিলে ৷ সেয়েহে বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ তৰফৰ পৰা বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷ উল্লেখ্য যে এই স্থায়ী ভৱনটো বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলৰ জিৰণি লোৱাৰ উপযুক্ত স্থলী হোৱাৰ উপৰিও তেওঁলোকৰ মত-বিনিময়ৰ সুবিধা হ'ব বুলি চৰ্চিত হৈছে।
- Log in to post comments
- 16 views