নগাঁৱৰ পৰা ৱাহিদুদ জামান:
দেওবাৰে পুৱতি নিশা প্ৰায় ৪.৩০ বজাত নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ননৈ পে'ট্ৰল পাম্পৰ ওচৰত চাৰিশাখা যুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ৰ শক্তিমন্ত্ৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হয়। নগাঁৱৰ আৰক্ষী সূত্ৰই জনোৱা মতে মণিপুৰৰ পৰা ডিমাপুৰ হৈ শ্বিলঙলৈ আহি থকা অৱস্থাত মেঘালয়ৰ শক্তি মন্ত্ৰী জেমচ্ চাংমাৰ কনভয় ননৈত দুৰ্ঘটনাৰ সন্মুুখীন হয় । জানিব পৰা মতে মন্ত্ৰীগৰাকীৰ কনভয়ত অহা এম এল ০২-৫৫২২ নম্বৰৰ গাড়ীখনে ননৈ পে'ট্ৰল পাম্পৰ ওচৰত ৰৈ থকা এ এছ ০১ এম চি ২১৮৮ নম্বৰৰ ট্ৰাকখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো হয়। এই দুৰ্ঘটনাৰ ফলত কনভয়টোত থকা উল্লিখিত গাড়ীখনৰ লগতে মন্ত্ৰীগৰাকীৰ গাড়ীখন ক্ষতিগ্ৰস্ত হয়।
দুৰ্ঘটনাটোত মেঘালয়ৰ শক্তিমন্ত্ৰী গৰাকী কথমপি ৰক্ষা পৰে যদিও কনভয়টোত থকা ৪জন আৰক্ষী জোৱান আহত হয়। আহত আৰক্ষী জোৱানকেইজন হ'ল উপ-পৰিদৰ্শক দুৰ্গা বাহাদুৰ থাপা (৫৭),ৰিক্ৰাং চাংমা (৪০), ৰিছুক বাং(৩৮) আৰু জেইলা সিং চাংমা (৩৪)। আহতসকলক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি ননৈ আৰক্ষীয়ে চিকিৎসাৰ ব্যৱস্থা কৰে। ইয়াৰে ৰিছুক বাঙৰ আঘাত বেছি বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে গোটেই নিশা গাড়ী চলোৱাৰ ফলত কনভয়ৰ প্ৰথম গাড়ীখনৰ চালকৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। শ্বিলঙৰ পৰা অহা দুখন এম্বুলেন্সৰ জড়িয়তে মেঘালয়ৰ আৰক্ষীয়ে আহতসকলক শ্বিলঙলৈ লৈ যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে আন এখন গাড়ীৰে শ্বিলঙলৈ যায়।
ৱাহিদুদ জামান( নগাঁও)
- Log in to post comments
- 23 views