"ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হ'ব জাতীয়তাবাদী শিবিৰ"-লুৰিনজ্যোতি গগৈ

Lurinjyoti Gogoi-Akhil Gogoi

*'আছু'-পৰিষদৰ ৰাজনৈতিক দলত কৃষক মুক্তি থাকিব!*

বিজেপিক উৎখাত আৰু কংগ্ৰেছ- এআইউডিএফক প্ৰতিহত কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলত কৃষক মুক্তি সংগ্ৰাম সমিতি চামিল হোৱাটো প্ৰায় নিশ্চিত।দেওবাৰে 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে ঐক্যবদ্ধ হোৱাৰ ইংগিত প্ৰদান কৰে।

গুৱাহাটীৰ পাণবজাৰৰ এখন হোটেলত আহ্বায়ক সমিতিৰ এক বৈঠক অনুষ্ঠিত হোৱাৰ সময়ত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়- "জাতীয়তাবাদী শিবিৰসমূহ ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হ'বই লাগিব।পৰামৰ্শদাতা কমিটীয়ে সেই কথা উল্লেখ কৰিছে।"

"জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ যাতে বিভাজন নহয়।একে স্থানতে পৰিব লাগিব বিজেপি,কংগ্ৰেছ আৰু এআইইউডিএফক প্ৰতিহত কৰাৰ বাবে"-লুৰিনে কয়।

উল্লেখ যে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈয়ে জেলৰ পৰাই সকলোকে ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছিল।তাৰ মাজতে আছুৰ সম্পাদকগৰাকীৰ এই মন্তব্যই নিশ্চিত কৰিছে কৃষক মুক্তিৰ সৈতে মিত্ৰতা হোৱাৰ কথা।

Your Comments