আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে অংকুৰিত হ'ল বীজ:আহ্বায়ক সমিতি গঠন কৰিলে আছু-পৰিষদে

Aasu

*আঞ্চলিকতাবাদী শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগে- পলাশ চাংমাই*

*ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তিৰ লগত কেতিয়াও মিত্ৰতা নকৰে-দীপাংক নাথ*

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে গঠন কৰিলে আহ্বায়ক সমিতি।অসম পৰামৰ্শদাতা কমিটীৰ সদস্য ড: কৃষ্ণগোপাল ভট্টাচাৰ্য,বসন্ত ডেকাক মুখ্য আহ্বায়কৰ দায়িত্ব প্ৰদান কৰিলে সংগঠন দুটাই।

আছু-পৰিষদে অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখাৰ স্বাৰ্থত পূৰ্ণ পৰ্যায়ৰ ৰাজনৈতিক দল গঠনৰ বাবে মুখ্য আহ্বায়কদ্বয়ক দায়িত্ব অৰ্পণ কৰে।১৫ ছেপ্টেম্বৰৰ ভিতৰত পূৰ্ণ পৰ্যায়ৰ আহ্বায়ক সমিতি গঠন কৰি শীঘ্ৰে ৰাজনৈতিক দলক পুৰ্ণাংগ ৰূপ দিয়া আহ্বান জনালে আছু-যুৱ ছাত্ৰ পৰিষদে।

উল্লেখ যে পৰামৰ্শদাতা কমিটীয়ে আছু-পৰিষদক জাতীয়তাবাদী আদৰ্শত এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাটো সময়ৰ দাবী বুলি পৰামৰ্শ দিছিল।বিকল্প ৰাজনৈতিক শক্তি গঠন কৰাৰ পৰামৰ্শ দিছিল।লগতে প্ৰতিটো জনগোষ্ঠীৰ সচেতন লোকক দলটোৰ নেতৃত্বলৈ অনাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছিল।উক্ত পৰামৰ্শৰ ভিত্তিতে অৰাজনৈতিক চৰিত্ৰ ৰক্ষা কৰি সংগঠন দুটাই ৰাজনৈতিক দল গঠনৰ দায়িত্ব দিলে আহ্বায়ক সমিতিক।

গুৱাহাটীৰ পাণবজাৰৰ হোটেল প্ৰাগ        কন্টিনেলটেলত সংবাদমেলৰ জৰিয়তে আছু,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে ঘোষণা কৰে এই কথা।আছু সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকে সংবাদমেলত।

আছুৰ সাধাৰণ সম্পাদক গগৈয়ে কয়- "অসমীয়া জাতীয় জীৱনৰ সংকট সমাধানৰ বাবে আছু-যুৱ ছাত্ৰ পৰিষদে অৰাজনৈতিক প্রক্রিয়াৰে আগবাঢ়ি আহ্বায়ক সমিতি গঠন কৰিলে।সমিতিয়ে এতিয়া দল গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব"।

দেশৰ সংবিধান আৰু ফেডাৰেল গাঁথনিৰ গণ্ডীৰ ভিতৰত থাকি বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ চিন্তা-ভাৱনা আৰু কাম কাজৰ মূলমন্ত্ৰ- "অসম প্ৰথম,সদায় আৰু চিৰদিন"হোৱা উচিত বুলি পৰামৰ্শদাতা কমিটিয়ে উল্লেখ কৰিছে।

সংবাদমেলত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে বিশ্বাসঘাটক, সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰাৰ বাবে আঞ্চলিকতাবাদী শক্তিসমূহ বিভাজিত নহৈ ঐক্যবদ্ধ হ'ব লাগে বুলি আহ্বান জনায়।

ৰাষ্ট্ৰীয় শক্তি তথা সাম্প্ৰদায়িক কোনো শক্তিৰ সৈতে গঠন হব লগা ৰাজনৈতিক দলটোৱে মিত্ৰতা নকৰে বুলি স্পষ্টকৈ উল্লেখ কৰে সংগঠন দুটাৰ নেতৃত্বই।

ৰাজনৈতিক দল গঠনৰ আহ্বায়ক সমিতিৰ দায়িত্ব গ্ৰহণ কৰি ড:কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই কয়-"খৰতকীয়াকৈ দায়িত্ব সমাপন কৰা হব।"

Your Comments