"মতাদৰ্শ-কৰ্মপন্থা আদি কথাৰে আঞ্চলিক দলক বিভক্ত কৰিবলৈ বিচৰাৰ অৰ্থ হ'ব বিজেপিৰ পক্ষত থকা"-অখিল গগৈ

Akhil Gogoi

"দেখুৱাবলৈ 'কা' আন্দোলন সৰু-সুৰাকৈ চলি থকাটো দুৰ্ভাগ্যজনক"

  

"পৃথকে পৃথকে আঞ্চলিক দল হ'লে বিজেপিক জয়ী কৰাত সহায় কৰা হ'ব।ঐক্যবদ্ধ হ'ব নোৱাৰাৰ বাবে 'কা' আমি জিকিবলৈ নোৱাৰিলোঁ।পৃথকে পৃথকে আঞ্চলিক দল হ'লে আমি পৰাজিত হোৱাটো নিশ্চিত"- এই মন্তব্য কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বৃহস্পতিবাৰে পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়ত কৃষক নেতাগৰাকীয়ে কয়-"পৃথকে পৃথকে দল খুলি বিজেপিক যদি কোনোবাই জিকাবলৈ বিচাৰিছে,তেন্তে খুলিব পাৰে।সেয়া ৰাইজৰ সন্মুখত কৈ দিব লাগে।"

ৰাজনৈতিক দল খুলিব বিচৰাসকলে মতাদৰ্শ-কৰ্মপন্থা মিলিব লাগিব বুলি কৈ থকা সন্দৰ্ভত গগৈয়ে কয়-"সংবিধান-কৰ্মসূচী যিহেতু দলটোত থাকিব,গতিকে কোনেও তাত ভাগ-ভাগ হ'ব নোৱাৰে।একে মতাদৰ্শৰ কৰ্মসূচী বিশ্বাসীসকল তাত থাকিব।এই কথাৰে যদি কোনোবাই আঞ্চলিক দলক বিভক্ত কৰিবলৈ বিচাৰিছে,তাৰ অৰ্থ বিজেপি পক্ষত থকা।"

অৰুণোদয় আচনিৰ জৰিয়তে ৮৩০ টকাকৈ চৰকাৰে দিবলৈ লোৱা সিদ্ধান্তক সমালোচনা কৰি গগৈয়ে কয়-"জনতাক ৮৩০ টকা দি কিনিবলৈ বিচৰাটো ভয়ানক।ক'ৰ'নাই বিধ্বস্ত কৰা অসমীয়া জাতিক ছয়মাহলৈ ১০ হাজাৰ টকালৈ নিদিলে অসমীয়া জাতি নাবাচিব।ক্ষতিপূৰণ আন্দোলন শক্তিশালী কৰিব লাগিব।"

আনহাতে'কা' আন্দোলনৰ গতি ৰুদ্ধ হোৱা প্ৰশংগ উল্লেখ কৰি তেওঁ কয়-'কা' আন্দোলন দেখুৱাবলৈ সৰু-সৰুকৈ চলি থকাটো দুৰ্ভাগ্যজনক।

গুৰুত্বপূৰ্ণ যে আছু- যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলক ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান  জনাইছিল কৃৃষক নেতাগৰাকীয়ে।কিন্তু বৰ্তমানলৈ একত্ৰিত দল সন্দৰ্ভত আছু-যুৱ  ছাত্ৰ পৰিষদৰ পৰা কোনো উত্তৰ লাভ কৰা নাই।

Your Comments