সভাপতি চূড়ান্ত,নৱেম্বৰত পূৰ্ণ দল ঘোষণা হ'ব আছু-যুৱ ছাত্ৰ পৰিষদৰ,সম্পূৰ্ণকৈ পঢ়ক

Aasu

*১৬ ছেপ্টেম্বৰৰ ভিতৰত দুটা গুৰুত্বপূৰ্ণ ঘোষণাৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল অংকুৰিত হ'ব* 

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম পাব লগা নতুন ৰাজনৈতিক দলৰ প্ৰস্তুতি প্ৰায় চূড়ান্ত পৰ্যায়ত।৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ মতামত গ্ৰহণ কৰি এই ইংগিত দিলে আছু শীৰ্ষ নেতৃত্বই।বুধবাৰে গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত আছুৰ লগত ৩০ জনগোষ্ঠীয় সংগঠনৰ বৈঠকৰ অন্তত আছু সভাপতি দীপাংক নাথৰ স্পষ্ট কথা-"পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত আগবাঢ়িছে সকলো প্ৰক্ৰিয়া।অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব আছুৱে।ৰাজনৈতিক মঞ্চই নতুন দলৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।"

আছুৰ এটা শীৰ্ষসূত্ৰৰ খবৰ অনুসৰি ১৬ ছেপ্টেম্বৰৰ ভিতৰত ৰাজনৈতিক দল গঠনৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব।অসমবাসীৰ সন্মুখত পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছত ৰাজনৈতিক দলৰ বীজ অংকুৰিত হ'ব।ইয়াৰ পিছদিনাই ৰাজনৈতিক দলৰ দ্বিতীয় পৰ্যায় অলপ বহলভাৱে অসমবাসীৰ আগত ঘোষণা কৰিব সংগঠন দুটাই।

গুৰুত্বপূৰ্ণ  যে অসমবাসীয়ে পূৰ্ণ পৰ্যায়ৰ চূড়ান্ত দল লাভ কৰিব অহা নৱেম্বৰত।দুলীয়াজানত আছুৰ সাধাৰণ অধিবেশনৰ পিছতহে চূড়ান্ত ৰাজনৈতিক দলটো ঘোষণা হ'ব।নতুন ৰাজনৈতিক দলটোৰ নাম কি হ'ব,দলটোৰ কেন্দ্ৰীয় নেতৃত্বই সেয়া ঘোষণা কৰিব।

সূত্ৰটোৰ খবৰ অনুসৰি দলটোৰ বাবে সভাপতি ইতিমধ্যে চূড়ান্ত হৈছে।সভাপতিগৰাকী এগৰাকী উপযুক্ত ব্যক্তি।তেওঁ কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব,সেয়া ইতিমধ্যে চূড়ান্ত হৈছে।১০০খন আসনৰ ওপৰত প্ৰতিদ্বন্দিতা কৰিব নতুন ৰাজনৈতিক দলটোৱে।তাৎপৰ্যপূৰ্ণ কথা এই যে প্ৰভাৱশালী ব্যক্তিগৰাকী দিল্লীৰ পৰা ঘূৰি অহা।

কৃষক মুক্তিৰ লগত ৰাজনৈতিক শক্তিটো একলগ হ'ব নাই সেয়া চূড়ান্ত দল ঘোষণাৰ পিছত নিশ্চিত হ'ব।যিমানখিনিলৈকে পৰা যায় সিমানখিনিলৈকে একত্ৰিত হ'বলৈ ৰাজনৈতিক দলটোৱে সিদ্ধান্ত ল'ব বুলিও শীৰ্ষ সূত্ৰটোৱে জানিবলৈ দিয়ে।

চূড়ান্ত দল গঠনৰ পূৰ্বে ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে পৃথকে পৃথকে বৈঠকত বহিব- দীপাংক নাথে কয়।লগতে তেওঁ কয় যে আছুয়ে অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব,ৰাইজে দেখা পাব।

Your Comments