সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ বিষ্ফোৰক সংবাদমেল।অসমৰ কাৰ্বি আংলঙৰ ভূমি নাগালেণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক তুলিৰাম ৰংহাং।কাৰ্বি আংলংস্থিত "দলদুলি অভয়াৰণ্য"ৰ নাগালেণ্ড সীমাৰ প্ৰায় ২০ কিঃমিঃ দৈর্ঘৰ আৰু ৫ কি:মি প্ৰস্থৰ ২০,০০০ হাজাৰ কি:মি: অসমৰ মাটি নাগালেণ্ডক হস্তান্তৰ কৰাত ৰংহাং জড়িত হোৱা বুলি গুৰুতৰ অভিযোগ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাৰ।
গুৱাহাটীৰ প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেলত সংগঠনটোৱে কয়- "নগা উগ্ৰপন্ত্ৰী সদস্যক লগত লৈ "PEACE AND BORDER DEVELOPMENT "কমিটি গঠন কৰিছে তুলিৰাম ৰংহাঙে।
কমিটীৰ সভাপতি হিচাপে আছে কাৰ্বি স্বায়ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী জৰ্জ মিলিক, প্ৰাক্তন ডি এম এছ মহন সিং দিচৌ, প্ৰাক্তন কাৰ্বি ছাত্ৰ সন্থা সভাপতি লিয়েন ইংলেং, প্ৰাক্তন ইউপিডিএছ সদস্য মেথিও ইংলেং, ব্ৰেডৱৰ্থ বে।ইয়াৰ ওপৰিও নাগালেণ্ডৰ এটা উগ্ৰপন্থী সংগঠন 'উণ্টাবা'ৰ সক্ৰিয় সদস্য আছে কমিটীখনত।তেওঁলোক হৈছে -শুকাই'গ চিমা, জে এ সৌ, চাকু আও, জন নাগঠা, উবেদ চেমা।সংগঠনটোৱে লগতে কয়।
উল্লেখ যে এই ঘটনাটোত হস্তক্ষেপ কৰিবলৈ যাওঁতে অসমৰ দণ্ডাধীশ দীপাংক দাসক ২০০৪ চনত হত্যা কৰা হৈছিল আৰু ২০১৪ চনত অৰ্পণ বৰুৱা নামৰ এগৰাকী বন বিষয়াক হত্যা কৰা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সম্পাদক গৰাকীয়ে।
এক বৃহৎ অংকৰ অৰ্থৰ মুনাফাৰ বিনিময়ত তুলিৰামে স্থানীয় সংগঠনৰ লগতে প্ৰশাসনক মেনেজ কৰি এই ষড়যন্ত্ৰৰ কৰাৰো অভিযোগ তোলে সংগঠনটোৱে।
সমগ্ৰ ঘটনাৰ তদন্তৰ বিচাৰি সংগঠনটোৱে অসম আৰক্ষী, চিবিআইক দাখিল কৰিব গোচৰ।প্ৰয়োজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি অৱগত কৰিব ঘটনাৰ সবিশেষ।
- Log in to post comments
- 18 views