পাহৰণিৰ গৰ্ভত '৪২ ৰ শ্বহীদ কলাই কোঁচ:শ্বহীদ পৰিয়ালটোৰ ওচৰত সমাজকৰ্মী শান্তনু শৰ্মা 

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰৰ পিছতো স্বাধীনতা আন্দোলনৰ শ্বহীদ কলাই কোঁচৰ পৰিয়াল অৱহেলিত হৈ আছে।ভাৰতৰ স্বাধীনতা আন্দোলনৰ অক্লান্ত যোদ্ধা কলাই কোঁচ এতিয়া পাহৰণিৰ গৰ্ভত। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত বৃটিছৰ গুলীত নিহত হৈছিল নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত শেনচোৱা কমাৰ গাঁৱৰ কলাই কোঁচ।উল্লেখ যে ১৯৪২ চনৰ ২৬ আগষ্টত বিৰহ বেবেজীয়াত বৃটিছ সৈন্যক বাধা দিবলৈ গৈ বৃটিছ সেনাৰ গুলীত শ্বহীদ হৈছিল কলাই কোঁচ।স্বাধীনতা সংগ্ৰামত জড়িত হৈ মাত্ৰ ২২ বছৰ বয়সতে শ্বহীদ হোৱা কলাই কোঁচৰ পৰিয়ালৰ বৰ্তমান অৱস্থা অতি শোচনীয়।অতি কষ্টৰে জীৱিকা নিৰ্বাহ কৰিব লগা হৈছে পৰিয়ালটোৱে।ঘৰ-বাৰীৰ অৱস্থাও জৰাজীৰ্ণ।পৰিয়ালটোৰ খবৰ ল'বলৈ কাৰো আহৰি নাই।যিসকলৰ ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিলে,সেই সকলক আজি মন্ত্ৰী-বিধায়কে পাহৰি গ'ল।চৰকাৰে বহু জনকল্যাণমূলক আঁঁচনি গ্ৰহণ কৰি আহিছে যদিও এইবোৰ আঁচনিৰ সুফল কলাই কোঁচৰ পৰিয়ালে লাভ কৰা নাই।স্বাধীনতা দিৱস, গনতন্ত্ৰ দিৱস আদিতো চৰকাৰ প্ৰশাসন,মুক্তি যুঁজাৰু সন্মিলন আদিয়ে কোনো খবৰ নলয় পৰিয়ালটোৰ।এনে অৱস্থাৰ মাজতে শ্বহীদ পৰিয়ালটোৰ কাষত উপস্থিত হয় সমাজকৰ্মী তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পুত্ৰ শান্তনু শৰ্মা।শৰ্মাই পৰিয়ালটোৰ লগত মত বিনিময় কৰাৰ লগতে শ্বহীদগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে।শৰ্মাই শ্বহীদ পৰিয়ালটোক সম্বৰ্দ্ধনা জনোৱাৰ লগতে পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈ চৰকাৰক আহবান জনায়। শ্বহীদ কলাই কোচৰ নামত নগাঁৱৰ এটা অনুষ্ঠানৰ নামকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত শ্বহীদ পৰিয়ালটোৱে আহবান জনায়।

Your Comments