পাকিস্তানলৈ  আৰ্থিক সাহায্য বন্ধ কৰিব ট্ৰাম্প প্ৰশাসনে : শ’লঠেকত ইমৰান চৰকাৰ

tramp_pak

সন্ত্ৰাসবাদ দমনৰ বাবে প্ৰতি বছৰে পাকিস্তানক দি অহা ৩০ কোটি ডলাৰ সামৰিক সাহায্য সম্পূৰ্ণ বন্ধ কৰাৰ সিদ্ধান্ত ল’লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ৷ এই ধন এতিয়া অন্য শিতানত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে ৷ ইতিমধ্যে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে পাকিস্তানক প্ৰতি বছৰে দি থকা এই সামৰিক সাহায্য বন্ধ কৰাৰ বাবে ডোনাল্ড টাম্পৰ প্ৰশাসনক ছুপাৰিছ কৰিছে ৷ মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ এই প্ৰস্তাৱ মাৰ্কিন সংসদতো সহজতে গৃহীত হ’ব বুলি ট্ৰাম্প প্ৰশাসনৰ সূত্ৰই সংবাদ সংস্থাক জনায়৷ 

প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানে পাকিস্তানৰ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ ঠিক পিছতেই মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ এই সিদ্ধান্তই ইছলামাবাদক বাৰুকৈয়ে শ’লঠেকত পেলালে ৷ উল্লেখ্য  যে যোৱা দুবছৰ ধৰি ট্ৰাম্প প্ৰশাসনে পাকিস্তানক এই সামৰিক সাহায্য প্ৰদান স্থগিত ৰাখিছিল ৷ এতিয়া সেই সাহায্য সম্পূৰ্ণভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷ পাকিস্তানক তালিবানকে ধৰি বিভিন্ন জেহাদী আৰু সন্ত্ৰাসবাদী সংগঠনক নিৰ্মূল কৰাৰ বাবে বিগত ডেৰ দশক ধৰি প্ৰতি বছৰ আমেৰিকাই এই আৰ্থিক সাহায্য দি আহিছিল৷ কিন্তু মাৰ্কিন সমৰ বিভাগৰ অভিযোগ, এই সাহায্য দি থকা সত্ত্বেও কোনো ফল হোৱা নাই ৷

trump_pak

চলিত বছৰৰ আৰম্ভণিতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পোনে পোনে পাকিস্তানক ‘প্ৰতাৰক’ বুলিও আখ্যা দিছিল ৷ ট্ৰাম্পে টুইটাৰত এইদৰে মন্তব্য কৰিছিল, “সন্ত্ৰাসবাদীক দমনৰ বাবে যোৱা ১৫ বছৰ ধৰি আমি ৩৩০০ কোটি ডলাৰ সাহায্য আদায় দিছো ৷ অথচ ইয়াৰ বিনিময়ত পাকিস্তানে আমাক কেৱল মিছা কথা কোৱাৰ বাহিৰে আন একোৱেই কৰা নাই ৷” ট্ৰাম্পে এই মন্তব্য কৰাৰ সময়ৰে পৰাই মাৰ্কিন প্ৰতিৰক্ষা বিভাগে পাকিস্তানক এই সামৰিক সাহায্য সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিবলৈ ধৰে ৷ ট্ৰাম্পে যোৱা জানুৱাৰী মাহতেই কৈছে, “আমি যিসকল সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে বিচাৰি ফুৰিছো পাকিস্তানে সেইসকলকে আশ্ৰয় দি আছে ৷ আফগানিস্তানত আমি আমাৰ একক চেষ্টাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছো ৷ এইদৰে চলি থাকিব নোৱাৰে ৷”

অহা ৫ ছেপ্টেম্বৰত মাৰ্কিন বৈদেশিক সচিব মাইক পম্পেইয়ে ইছলামাবাদ ভ্ৰমণলৈ যোৱাৰ কথা ৷ তেওঁৰ এই ভ্ৰমণৰ ঠিক পূৰ্বেই এই সামৰিক সাহায্য বন্ধ কৰাৰ সিদ্ধান্তই পাকিস্তানক বাৰুকৈয়ে শ’লঠেকত পেলালে ৷ সন্ত্ৰাসবাদীক দমনৰ প্ৰশ্নত পাকিস্তানৰ ওপৰত কূটনৈতিক হেঁচা তীব্ৰ কৰাৰ লক্ষ্যেৰেই ট্টাম্প প্ৰশাসনে এই সিদ্ধান্ত ল’লে বুলি মাৰ্কিন কূটনীতিকসকলৰ একাংশই মন্তব্য কৰিছে ৷ আমেৰিকাই তালিবান, হাক্কানি নেটৱৰ্ক আৰু লস্কৰ-ই-তৈৱা সহ আাটইবোৰ সন্ত্ৰাসবাদী তথা জেহাদী সংগঠনক ধ্বংস কৰাৰ বাবে সামৰিক সাহায্য দি আহিছে ৷

কিন্তু ৱাশ্বিংটনৰ অভিযোগ, পাকিস্তানে এইবোৰ সংগঠনক দমনতো কৰাই নায়েই বৰং ওলোটাই আশ্ৰয়হে দিছে ৷ ফলত তালিবান আৰু হাক্কানি নেটৱৰ্কসহ এইবোৰ জেহাদী সংগঠন পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিছে বুলি ট্ৰাম্প প্ৰশাসনে অভিযোগ কৰে ৷ 

Your Comments