ঘগ্ৰাপাৰত বিজেপিৰ সাংগঠনিক তৎপৰতা

Ghagrapar

*১০২ টা বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কী বাত' অনুষ্ঠান*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত বড়িগোগ বনভাগ (ঘগ্ৰাপাৰ) মণ্ডল বিজেপিৰ অধীনষ্ঠ ১০২ টা বুথত দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অনুষ্ঠানৰ লগত সংগতি ৰাখি উক্ত বুথসমুহত একোখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয়।এই প্ৰতিখন সভাত প্ৰধানমন্ত্ৰী মোডীৰ 'মন কী বাত'ৰ প্ৰতি বিজেপিৰ কাৰ্যকৰ্তা আৰু ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা যায়।

Ghagrapar

এই উপলক্ষে দেওবাৰে ঘগ্ৰাপাৰৰ পৈছৰা বুথত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,বিলপাৰ বুথত ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,কটকীয়া বুথত নলবাৰী জিলা বিজেপিৰ সম্পাদক দীপেন কলিতাই অংশগ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ‍্যৰ বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ সন্দৰ্ভত বিতংভাৱে মন্তব্য আগবঢ়োৱাৰ লগতে সাংঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে বিজেপিৰ কাৰ্যকতাসকলক আহ্বান জনায়। ইফাল কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ  ক্ষেত্ৰত 'মন কী বাত'ৰ আহ্বায়ক ক্ৰমে শ‍্যামন্ত শৰ্মা,কনক ভড়ালী,পঞ্চায়ত প্ৰভাৰী,শক্তিকেন্দ্ৰৰ আহ্বায়ক,বুথসমুহৰ সভাপতি-সম্পাদকসকলে তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

Your Comments