হাজোৰ পৰা কমলাকান্ত দাস:
তীৰ্থনগৰী হাজোৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান সুৰেণ দাস মহাবিদ্যালয়ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়।কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°হিৰণ্য কুমাৰ শৰ্মাই।ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত মহান ব্যক্তিসকলক স্মৰণ কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে হাজো ৰাইজৰ প্ৰাক্তন সভাপতি শৰৎ নায়কে।মহাবিদ্যালয়খনৰ ভৱন দাতা প্ৰয়াত সুৰেণ দাসৰ প্ৰতিচ্ছবি মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে হাজোৰ সমাজকৰ্মী প্ৰমোদ ডেকাই ।ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ শিক্ষকৰ জিৰণি কোঠাত স্বাস্থ্য বিভাগৰ বিধি অনুসৰি সামাজিক দূৰত্ব বজাই এখন অনুষ্টুপীয়াকৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড°প্ৰবীন চন্দ্ৰ দাসৰ সঞ্চালনাত আৰু উপাধ্যক্ষ ড°আলী আকবৰ হুছেইনে আঁঁত ধৰা আলোচনা-চক্ৰত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ প্ৰাক্তন সঞ্চালক ৰাধাচৰণ ৰাভাই মহাবিদ্যালয়খনত যিদৰে কলা আৰু বৰ্তমান বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ পূৰ্ণাঙ্গতা লাভ কৰিলে,ঠিক তেনেদৰে বাণিজ্য শাখাৰ ক্ষেত্ৰতো পূৰ্ণাঙ্গতা পালে হাজো অঞ্চলৰ ছাত্ৰ -ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি প্ৰকাশ কৰে।মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°শৰ্মাই যে বৰ্তমান স্নাতক বিজ্ঞান শাখাত বিভিন্ন স্থানৰ পৰা এই পৰ্যন্ত দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে নাম ভৰ্তি কৰিছে।এই ক্ষেত্ৰত চৰকাৰীভাৱে আসন সীমিত যদিও ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি আঢ়ৈশ লৈ নাম ভৰ্তি কৰিব পৰা যাব বুলি প্ৰকাশ কৰে।হাজো ৰাইজৰ সভাপতি গোলোক ওঁজা,প্ৰাক্তন ছাত্ৰ আব্দুল গণিখান চৌধুৰী,মনোজ মেধিৰ লগতে অইন কেইবাগৰাকী ব্যক্তিয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰে।ইফালে,এই সভাতে মহাবিদ্যালয়খনলৈ স্নাতক বিজ্ঞান শাখাৰ অনুমোদন লাভ কৰাত মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভানেত্ৰী ড°ৰঞ্জু ঠাকুৰীয়া আৰু সম্পাদিকা ড°বিনীতা দাসে পৰিচালনা সমিতিৰ সভাপতি ড° প্ৰবীন চন্দ্ৰ দাস আৰু অধ্যক্ষ ড° হিৰণ্য কুমাৰ শৰ্মাক গামোচা,কিতাপৰ টোপোলা আৰু পিতলৰ কলহৰে সম্বৰ্দ্ধনা জনায়।তদুপৰি প্ৰাক্তন ছাত্ৰ গোটেও গামোচা,পিতলৰ শৰাইৰে দুয়োগৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনায়।এই সভাতে নতুনকৈ যোগদান কৰা সহকাৰী অধ্যাপক-অধ্যাপিকাসকলক চিনাকি কৰাই দিয়ে।
- Log in to post comments
- 24 views