চিৰাঙত হাতী দাঁতসহ এজনক আটক

বঙাইগাঁও

বঙাইগাঁৱৰ প্ৰতিবেদক:

চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৰ ৰুণীখাতা থানা এলেকাত পুনৰ হাতীৰ দাঁতসহ এজন চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰীক আটক কৰা হৈছে।গোপন সূত্ৰৰ পম খেদি ৰুণীখাতা ৰেঞ্জৰ বনকৰ্মী আৰু এছ এছ বিৰ এটা দলে যৌথভাবে সোমবাৰে নিশা ৰুণীখাতা থানাৰ অন্তৰ্গত দৈমুগুৰী গাঁৱত অভিযান চলাই দুটা হাতীৰ দাঁতসহ বন্য জীৱ -জন্তুৰ অংগ- প্ৰত্যংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত জয়বাংলা বৰগয়াৰী নামৰ ব্যক্তি এজনক আটক কৰে ৷ উল্লেখ্য যে ২৩ আগষ্টৰ নিশা আৰক্ষী আৰু বন বিভাগৰ লোকে অভিযান চলাই ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ দাদগিৰিৰ পৰা দুটা হতীৰ দাঁতসহ বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত এলেন বসুমতাৰী নামৰ আন এজনক গ্ৰেপ্তাৰ কৰিছিল । মাত্ৰ তিনিদিনৰ ভিতৰত দুটা পৃথক পৃথক ঠাইৰ পৰা এনেদৰে হাতীৰ দাঁত উদ্ধাৰ হোৱা ঘটনাই চিৰাং জিলাখনত যে কেৱল বন ধ্বংসকাৰী চোৰাং কাঠ ব্যৱসায়ী চক্ৰই সক্ৰিয় হৈ আছে তেনে নহয়, বৰং বন্য জীৱ-জন্তু হত্যা কৰি তাৰ অংগ -প্ৰত্যংগৰ চোৰাং ব্যবসায়ী চক্ৰ এটাও সক্ৰিয় যে হৈ আছে,সেয়া প্ৰমাণ হৈছে ৷


বঙাা

Your Comments