দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাতিকুছিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে "দীনদয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনা"ৰ অধীনত স্থাপন কৰা বৈদ্যুতিক উপ -কেন্দ্ৰটোৰ সোমবাৰে শুভ উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা নিৰ্মিত ৩৩/১১ কে.ভি.৫ × ২ এম ভি.এ ক্ষমতা সম্পন্ন বৈদ্যুতিক উপ -কেন্দ্ৰটো মুকলি কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ল বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে। লগতে এই কেন্দ্ৰটো স্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি ৰক্ষা কৰে বুলি তেওঁ সদৰি কৰে।এই উপকেন্দ্ৰটোৰ জড়িয়তে আল্লিয়া,বৰাজোল,খাতিকুছি আৰু জাজিয়াবাৰীৰ অন্তৰ্গত চাৰিটা ফিডাৰৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৫ হাজাৰ গ্ৰাহক পৰিয়াল উপকৃত হ'ব বুলিও তেওঁ ব্যক্ত কৰে।অঞ্চলটোত কুটীৰ শিল্প,ব্ৰইলাৰ ফাৰ্ম আদি স্থাপন কৰি উপ-কেন্দ্ৰটোৰ জৰিয়তে নিয়মীয়া বিদ্যুৎ লাভ কৰি অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলে স্বাৱলম্বী হ'ব পাৰিব বুলিও বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে অঞ্চলটোত বিদ্যুৎ সেৱা কোনো কাৰণতে যাতে ব্যাহত নহয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নজৰ দিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়।জিতু কলিতাই আঁত ধৰা অনুষ্ঠানটোত ৰঙিয়া ইলেক্ট্ৰিকেল চাৰ্কোলৰ মহাপ্ৰৱন্ধক মফিজা বেগম,মুখ্য কাৰ্যবাহী বিষয়া মুখদা প্ৰসাদ শৰ্মা, সহকাৰী মহাপ্ৰৱন্ধক দিগন্ত দাস,মণিৰুল হুছেইন,দেৱাশীষ দেৱ ৰায়,নলবাৰী ডিভিজনৰ সহকাৰী মহাপ্ৰৱন্ধক জগদীশ বৈশ্য,দিহজাৰী আৰু চটাইবাৰী গাঁও পঞ্চায়তৰ সভাপতি ক্ৰমে দীপক কলিতা আৰু দীপুল পাটোৱাৰী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মনসহ শতাধিক নাগৰিক উপস্থিত থাকে।
- Log in to post comments
- 14 views