নিউজ ডেস্ক :
নৱ প্ৰজন্মৰ হাৰ্টথব শিল্পী জুবিন গাৰ্গৰ "পথাৰ আমাৰ বজাৰ আমাৰ" শীৰ্ষক কাৰ্যসূচীক লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে।কা' বিৰোধী জুবিনে চৰকাৰী পক্ষৰ সৈতে উঠা বহা কাৰ্যক একাংশ অনুৰাগীয়ে সহজে গ্ৰহণ কৰিব পৰা নাই যদিও আন একাংশ সমৰ্থকে আকৌ জুবিনৰ পৰিকল্পনাক সমৰ্থন কৰিছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছতেইকৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰাৰ বাবে শিল্পী গৰাকীক একাংশ লোকে সামাজিক মাধ্যমত বিভিন্ন সমালোচনাৰে থকা-সৰকা কৰিছে।গুৰুত্বপূৰ্ণ এই যে কৃষি বিভাগে শিল্পী গৰাকীক ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছে সেই লৈও একাংশই লোকে শিল্পী গৰাকীক বিভিন্ন সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে।
আনহাতে শিল্পী গৰাকীক সামাজিক মাধ্যমত এইদৰে সমালোচনা কৰাৰ পিছতে পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এক আক্ষেপ ভৰা পোষ্ট দিছে।ফেচবুকত তেওঁ লিখিছে -"কোনেও আৰু একো কথা শুনিব পাতিব আৰু ক'ব নালাগে।জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচী দিয়া ব্যৱস্থা কৰক"।
উল্লেখ ৰাজ্যত কৃষি বিপ্লৱ সূচনা কৰি যুৱক-যুৱতীৰ স্বনিয়োজনৰ বাবে জুবিন গাৰ্গসহ এটা শিল্পী দলে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ আহিছে।বৃন্দাবন মাৰ্ট নামৰ এক এগ্ৰ'-মাৰ্কেটিং ব্যৱস্থা স্থাপন কৰাৰ বাবে শিল্পী গৰাকীয়ে চেষ্টা চলাই থকা বুলি ইতিমধ্যেই স্পষ্ট কৰি দিছে।
- Log in to post comments
- 40 views