বাঁঁহজানীত 'আছু'ৰ বিশেষ সাংগঠনিক সভা সম্পন্ন

Aasu

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বুধবাৰে চান্দকুছি পাব্লিক হাইস্কুলত বাঁঁহজানী নতুন দেহৰ আৰু নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিনিধিসকলক লৈ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাপতিত্ব কৰে জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই । উক্ত সাংগঠনিক সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মণে কেন্দ্ৰীয় চৰকাৰে অসম ধ্বংসৰ পৰিকল্পনাৰে লোৱা C(A)A 2019 আৰু EIA Draftখনৰ বিৰুদ্ধে নলবাৰীৰ লগতে সমগ্ৰ অসমত তীব্ৰ আন্দোলন হ'ব বুলি বক্তব্য প্ৰকাশ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই বাঁহজানীৰ খাদী আৰু হাত কাকত উদ্যোগটো উন্নীতকৰণ, ঘিল্লা চ'কৰ একমাত্ৰ গদামল্ল বুজৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৰোগীৰ বাবে ১০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে নিজ বাঁঁহজানী স্বাস্থ্য কেন্দ্ৰ,ভদ্ৰা অৰৰা স্বাস্থ্য কেন্দ্ৰ দুয়োটা চিকিৎসালয়লৈ উন্নীত কৰিবলৈ চৰকাৰক দাবী জনায় । উক্ত সভাই জাহা শ্লুইছ গেট বিজ্ঞানসন্মতভাৱে নিৰ্মাণ, দক্ষিণ নলবাৰী মহাবিদ্যালয়ক পূৰ্ণ পৰ্যায়ত চৰকাৰী স্বীকৃতি,নলবাৰী পলিটেকনিক কলেজখনত নতুন বিভাগ অন্তৰ্ভুক্ত কৰাৰ লগতে খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ।  সভাত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সহ:সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত,নিৰোজউদ্দিন আহমেদ ,ফণীধৰ বৰুৱা, শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদ, সাহিত্য সম্পাদক গৌতম বেজবৰুৱা, মুখ্য সাংগঠনিক সম্পাদক দিগন্ত ভৰালী, কাৰ্যালয় সম্পাদক ব্ৰজেন কলিতা, ক্ৰীড়া সম্পাদক কংকন কলিতা উপস্থিত আছিল ।

Your Comments