হাজোৰ পৰা কমলাকান্ত দাস:
দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস সমাগত।কিন্তু ক'ভিড-১৯ৰ ভয়াৱহতাই ম্লান কৰিছে স্বাধীনতা দিৱসৰ উচাহ।তাৰ মাজতে হাজো ৰামদিয়াৰ
সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চৰ উদ্যোগত দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম ভিত্তিত এখন অনলাইন দেশপ্ৰেমমূলক সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে,উক্ত প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত কৰা হ'ব।ইয়াৰ ভিতৰত 'ক'শাখাত ৩-১৩ বছৰৰ ভিতৰত হোৱাৰ বিপৰীতে 'খ' শাখাত ১৩ ৰ উৰ্ধৰ সকলো প্ৰতিযোগীকে সাঙুৰি লোৱা হ'ব।প্ৰতিযোগীয়ে বয়সৰ প্ৰমানপত্ৰৰ সৈতে নিজৰ নাম-ঠিকনা শুদ্ধকৈ পঠাব লাগিব,গীতসমূহ সুৰুচিসম্পন্ন অসমীয়া ভাষাত পৰিৱেশন কৰাৰ লগতে গীতৰ গীতিকাৰ আৰু সুৰকাৰৰ নাম গীত পৰিৱেশনৰ সময়ত উল্লেখ কৰিব লাগিব।প্ৰতিযোগীসকলে গীতৰ স্থায়ী আৰু ১ ম অন্তৰাৰ কোনোধৰণৰ Edit নকৰাকৈ ভিডিঅ ৰূপত Whatsapp ত পঠাব লাগিব।প্ৰতিযোগীয়ে গীত পৰিৱেশনৰ সময়ত যিকোনো দুবিধ লঘু বাদ্য সংগত কৰিব পাৰিব আৰু Music Track ব্যৱহাৰ কৰিব নোৱাৰিব।গীতৰ ভিডিঅ'সমূহ অহা ১ আগষ্টৰ পুৱা ১০ বজাৰ পৰা ১৫ আগষ্টৰ নিশা ১২ বজাৰ ভিতৰত তলত দিয়া Whatsapp নম্বৰলৈ পঠাব লাগিব।প্ৰতিযোগীসকলে প্ৰেৰণ কৰা ভিডিঅ'সমূহ 'সমন্বয়-সাংস্কৃতিক বিকাশ মঞ্চ'ৰ ৰামদিয়া Facebook পেজৰ জৰিয়তে Upload কৰা হ'ব,তিনিগৰাকী অভিজ্ঞ বিচাৰকৰ দ্বাৰা তিনিগৰাকী নিৰ্বাচিত কৰা হ'ব আৰু উক্ত প্ৰতিযোগিতাৰ ফলাফলসমূহ ২০ আগষ্টত Facebook পেজৰ জৰিয়তে বিয়লি চাৰি বজাত ঘোষণা কৰাৰ লগতে দৈনিক বাতৰি কাকতযোগে প্ৰকাশ কৰিব।প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক নগদ ধন আৰু মানপত্ৰৰে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰদান কৰিব বুলি মঞ্চৰ সভাপতি নৱ কুমাৰ দাস আৰু সম্পাদক অমৰেন্দ্ৰ দাসে জনাইছে।সৱিশেষ জানিবৰ বাবে ৯৯৫৪৩৩২৫৪৮,৯৯৫৪০১৯৪৭০ আৰু ৯৭০৭২৩৩৭৬১ নং ফোনত যোগাযোগ কৰিবলৈ প্ৰতিযোগীসকলৰ প্ৰতি আহ্বান জনাইছে।
- Log in to post comments
- 32 views