নলবাৰী জিলাৰ শোলমাৰাত বানাক্ৰান্তক সাহায্য প্ৰদান 'নাপিয়া'ৰ

Nalbari

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সম্প্ৰতি ৰাজ‍্যত ক'ৰ'না মহামাৰীৰ সমান্তৰালকৈ বানে ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ সময়তে ঠায়ে ঠায়ে বান সাহায্য চৰকাৰ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে দল-সংগঠনে বিতৰণ কৰি আহিছে।ঠিক তেনে সময়তে নলবাৰী জিলাৰ ক্ষুদ্ৰ উদ‍্যোগী(না.পি.য়া)নামৰ সংস্থাটোৱে শোলমাৰাৰ পোখৰাত বানাক্ৰান্তৰ কাষত থিয় হৈ কিছু সহায়ৰ হাত আগবঢ়ায়। সেই অনুসৰি সংস্থাৰ এটি সঁজাটি দলে পশ্চিম নলবাৰীৰ শোলমাৰা পোখৰাৰ ভগ্ন মথাউৰিটো পৰিভ্ৰমণ কৰাৰ লগতে অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ বাবে 'নাপিয়া'(Nalbari agri &allied processors industry Association) নলবাৰীৰ কৃষি সহজাত উৎপাদন উদ্যোগী  সংস্থা আৰু DIC নলবাৰীৰ সহযোগত কিছু খাদ্য সামগ্ৰী সমাজকৰ্মী পৱিত্র ডেকাৰ উপস্থিতিত শোলমাৰা বজাৰ উন্নয়ন সমিতিৰ হাতত অৰ্পণ কৰে।উক্ত  সাহায্য বিতৰণ কাৰ্য্যসূচীটোত উপস্থিত থাকে (NAAPIAনা.পি.য়া)ৰ সভাপতি বিনয় কুমাৰ বৰ্মন সম্পাদক ভ্ৰমৰ মজুমদাৰ,কোষাধক্ষ‍্য ৰাণা বৰ্মন,কাৰ্য্যকৰী সদস্য ক্ৰমে--বিতুমণি দেৱী,দিপুল হালৈ,প্ৰাঞ্জল  দাসৰ লগতে জি.টিৰ  ৰাতুল দাস, আনোৱাৰ হুছেইন,Dicc Nalbari ৰ Official জয়ন্ত হাজৰিকা,অচুৎ বৰ্মন আদিয়ে। উল্লেখ‍্য‍,এই সংস্থাটোয়ে প্ৰথমে শোলমাৰাৰ পোখৰাৰ ভগ্ন মথাউৰি পৰিভ্ৰমণ কৰে।লগতে, সংস্থাটোৱে মথাউৰিত শ্ৰমদান কৰা বানাক্ৰান্ত ৰাইজৰ বাবে ৬ কুইন্টল চাউল,৯০ কেজি দাইল,১বেগ আলু,৪০ কেজি মিঠাতেল,৩০ কেজি পিঁঁয়াজ,৩ কাৰ্টুন বিস্কুট আদি শোলমাৰাৰ বজাৰ উন্নয়ন সমিতিৰ হাতত অৰ্পণ কৰে।লগতে,সংস্থাটোৰ সম্পাদক ভ্ৰমৰ মজুমদাৰে জানিবলৈ দিয়া মতে ২৭ জুলাইত ঘগ্ৰাপাৰ চটাইবাৰীতো একে ধৰণৰ সাহায্য বানক্ৰান্তৰ মাজত বিতৰণ কৰিব।

Your Comments