বস্ত্ৰনগৰী শুৱালকুছিৰ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ পানী যোগান আচঁনি পৰিদৰ্শন 'আছু'ৰ

Suwalkusi

মৃণাল ডেকা,শুৱালকুছি:

*দৈনিক ৫০ লাখ লিটাৰ পানী বিতৰণ কৰে ১৭খন গাঁঁৱৰ ২৭০০ গৰাকী গ্ৰাহকক*

প্ৰাচ্যৰ মানচেষ্টাৰ খ্যাত বস্ত্ৰনগৰী শুৱালকুছিত অৱস্থিত এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গ্ৰাম্য পানী যোগান আঁঁচনি বৰলাহ গোটবদ্ধ পানী যোগান আঁচনিখন দেওবাৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ এটি দলে শুৱালকুছি সাংবাদিক সন্থাৰ সহযোগত পৰিদৰ্শন কৰে।উল্লেখ যে ১৯৯০ চনৰ ১ এপ্ৰিলত ৰাজ্যৰ তদানীন্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনে উক্ত আঁচনিৰ শুভ উদ্বোধন কৰি শুৱালকুছিৰ ৰাইজৰ দীৰ্ঘদিনীয়া খোৱাপানীৰ সমস্যাৰ প্ৰায় অন্ত পেলাইছিল।উক্ত আচঁনিখনৰ পৰা ১৭ খন গাঁঁৱৰ ২৭০০ গ্ৰাহক ৰাইজক প্ৰত্যেক দিনে পুৱা-আবেলি ৫০ লাখ লিটাৰকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছে।তদুপৰি,শতাধিক ৰাজহুৱা পানী টেপৰ পৰা ৰাইজে পানী সেৱন কৰি আহিছে।ঘৰুৱা সংযোগৰ গ্ৰাহকসকলৰ পৰা মাহিলী প্ৰায় চাৰি লক্ষাধিক টকা সংগ্ৰহ হ’ব লাগে যদিও আঢ়ৈ লাখ মান টকা সংগ্ৰহ হোৱাত আচঁনি পৰিচালনাত অসুবিধা হয় বুলি আঁচনিখনৰ  বিষয়া অভিযন্তা অৰুণ চন্দ্ৰ ডেকাই জানিবলৈ দিয়ে।অৱশ্যে বিদ্যুতৰ বিল অসম চৰকাৰে আদায় দিয়াত যথেষ্ট সকাহ হয়।উল্লেখ্য যে অসমৰ সৰ্ববৃহৎ এই পানী যোগান আচঁনিত সাত লাখ,চাৰে সাত লাখ, চাৰি লাখ লিটাৰ পানীধৰা একোটাকৈ আৰু দুই লাখ লিটাৰৰ চাৰিটা পানী টেঙ্কী আছে ৷ তদুপৰি,ৰাইজৰ কোনো প্ৰকাৰৰ অসুবিধা নোহোৱাকৈ শুৱালকুছিৰ চন্দ্ৰপুৰৰ ৰাইজৰ বাবে এক লাখৰ আৰু ঈশ্বৰ শ্ৰীশ্ৰীসিদ্ধেশ্বৰ দেৱালয়ত তিনি লাখ লিটাৰৰ পানী টেঙ্কিৰ ব্যৱস্থা কৰি ৰাইজক উপকৃত কৰিছে।দেওবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাৰ নেতৃত্বত এটি  সঁজাতি দলে উক্ত আচঁনি পৰ্যবেক্ষণ কৰাৰ সময়ত পৰ্যাপ্তসংখ্যক        কৰ্মচাৰী     নথকা    স্বত্বেও আঁচনিখন নিয়াৰিকৈ পৰিচালনা  কৰাৰ বাবে বিষয়াগৰাকীৰ শলাগ লয়।চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক ৰাইজৰ অতি জৰুৰী সেৱা হিচাপে বিবেচিত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ উক্ত আচঁনিত শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰাৰ দাবী জনায়।'আছু'ৰ দলটোত জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা,সহকাৰী সম্পাদক পঙ্কজ কলিতা,শিক্ষা আৰু সাংস্কৃতিক সম্পাদক সুৰজিৎ কলিতা, শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিঙ্কুমণি দাস আদি উপস্থিত থাকে।
 

Your Comments