ছয়গাঁৱৰ পৰা বিপুল দাস:
ক'ৰ'না মহামাৰীৰ বাবে সমগ্ৰ দেশতে চলি আছে 'লকডাউন'৷যদিও দেশত 'আনলক' প্ৰক্ৰিয়া চলি আছে এতিয়াও ৰাইজে স্বাস্থ্য বিভাগৰ লগতে চৰকাৰৰ কেতবোৰ নীতি -নিয়মৰ মাজেৰে চলিবলগীয়া হৈছে ৷ বিশেষকৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক।কিন্ত তাৰ বিপৰীত ছবি দেওবাৰে দেখা গ’ল দক্ষিণ কামৰূপৰ ছয়গাঁৱত।দেওবাৰে ৰাজ্যৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ছয়গাঁৱৰ কলহী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰা কালত তাত সমবেত হোৱা দলীয় লোকসকলৰ মাজত দেখা নগ’ল কোনো সামাজিক দূৰত্ব।
মন্ত্ৰীগৰাকীক সংগ দিয়া ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক তথা খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ কমলা কলিতাৰ লগতে দুই শতাধিক লোকে যেন আজি পাহৰি গ’ল ক'ৰ'না মহামাৰীৰ বাবে পালিবলগীয়া সামাজিক দূৰত্বৰ কথা।যাৰ বাবে এতিয়া ছয়গাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।উল্লেখযোগ্য যে ছয়গাঁৱৰ মাজমজিয়াৰে বৈ যোৱা কলহী নৈত বছৰ বছৰ ধৰি গৰাখহনীয়া অব্যাহত আছে ৷ দেওবাৰে কলহী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ বাবে ছয়গাঁৱত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত।মন্ত্ৰীগৰাকীয়ে ছয়গাঁৱৰ মাজমজিয়াৰ শিংখাটলৈ যোৱা পথটোৰ দুঠাইত গৰাখহনীয়া প্ৰত্যক্ষ কৰে।আনহাতে, নৈখনৰ শিংখাট,বালাপাৰা,বাতাপাৰা আদি অঞ্চলৰ গৰাখহনীয়াও তেওঁ ভূটভূটি নাৱেৰে গৈ পৰিদৰ্শন কৰে।মন্ত্ৰীগৰাকীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছয়গাঁৱৰ কেইবাটাও কামৰ প্ৰাককলন প্ৰস্তুতৰ কাম আৰম্ভ হোৱা বুলি কয়।আনহাতে,যোৱা বছৰ এক আগষ্টৰ দিনা মন্ত্ৰীগৰাকীয়ে ছয়গাঁৱৰ কলহী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি এবছৰে তেওঁ দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ’ল ৷ মন্ত্ৰীগৰাকীৰ যোৱা বছৰৰ কথা সাংবাদিকে সোধাৰ সময়ত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ কথাৰ উত্তৰ দিব নৌপাওঁতেই দৃষ্টিকটুভাৱে খাদী ব’ৰ্ডৰ অধ্যক্ষ কমলা কলিতাইহে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে।কমলা কলিতাই ইতিমধ্যে দুটামান কামৰ টেণ্ডাৰ হোৱা বুলি প্ৰকাশ কৰে যদিও ছয়গাঁও গড়কাপ্তানি পৰিদৰ্শন বাংলো এলেকাত চলি থকা তীব্ৰ গৰাখহনীয়াৰ বিহদিয়া আৰু পটৰীখাটত চলি থকা গৰাখহনীয়া প্ৰতিৰোধ আঁচনি সম্পৰ্কত কোনো কথাই নক’লে।উল্লেখযোগ্য যে ছয়গাঁও গড়কাপ্তানি পৰিদৰ্শন বাংলো এলেকাৰ লগতে বিহদিয়া আৰু পটৰীখাটত কলহী নৈৰ তীব্ৰ গৰাখহনীয়া চলি আছে।যোৱা বছৰ মন্ত্ৰীগৰাকীয়ে উক্ত ঠাইসমূহ পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজি উক্ত ঠাইসমূহৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰীভাৱে কিবা ব্যৱস্থা লৈছেনে নে নাই সেয়া মন্ত্ৰীগৰাকীৰ ভাষ্যৰ লগতে কমলা কলিতাৰ ভাষ্যতো স্পষ্ট নহ’ল।আনহাতে,মন্ত্ৰীগৰাকীয়ে পলাশবাৰী সমষ্টিৰ গুইমাৰাত চলি থকা ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া নিজ চকুৰে প্ৰত্যক্ষ কৰে।
- Log in to post comments
- 15 views