নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে শনিবাৰে জিলাখনৰ জুৰীয়াৰ কেন্দুগুৰি অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে,দীৰ্ঘদিন ধৰি জুৰীয়াৰ কেন্দুগুৰি অঞ্চলৰ হছমত আলী আৰু মহম্মদ আলী নামৰ লোক দুজনে অবৈধভাৱে কাঠফলা মিল চলাই আহিছিল। এই মিলসমূহত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যৱান চোৰাং কাঠ ফালি জিলাখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।এই খবৰ গোপন সূত্ৰে লাভ কৰি বন বিভাগৰ দলটোৱে অভিযান চলাই মিল দুটা জব্দ কৰি নগাঁও বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে।আনহাতে,নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত চলা আন এটা অভিযানত বন বিভাগৰ লোকে জিলাখনৰ ৰূপহীহাটৰ সমীপৰ লতাবোৱাত জামান উদ্দিন নামৰ লোকজনৰ ঘৰৰ পৰা অবৈধ কাঠ মিল উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়।অৱশ্যে, শনিবাৰৰ অভিযানত অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।উল্লেখ্য যে নগাঁও জিলা বন বিভাগে এনেদৰে মাজে মাজে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই দুই-এটা মিল জব্দ কৰি আহিছে যদিও জিলাখনৰ বিভিন্ন স্থানত বৰ্তমানেও বহু অবৈধ কাঠফলা মিল চলি আছে।এই ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীসকলে মিলসমূহ বন্ধ কৰি প্ৰকৃতিক ধ্বংসৰ ৰক্ষা কৰিবলৈ নগাঁও জিলা বন বিভাগক দাবী জনাইছে।
- Log in to post comments
- 13 views