কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান পৰিচয়েই হৈছে এশিঙীয়া গঁড়।এনে এটা সম্পদক সুৰক্ষা দিব নোৱাৰা বন বিভাগৰ অকৰ্মন্যতাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে সচেতন ৰাইজৰ মাজত।কাজিৰঙাত দ্বিতীয়টো বানৰ কৱলত পৰি এটা প্ৰাপ্তবয়স্ক গঁড়ে দিক-বিদিক হেৰুৱাই যোৱা ১৭জুলাইৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপানী অঞ্চলত মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে।কেইডালমান ঘাঁহ দি গঁড়টোক তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দি কৰ্তব্য সামৰিলে বন বিভাগেটোয়ে।
অতি পৰিতাপৰ কথা যে এটা বিয়াগোম বন বিভাগ থকাৰ পাছত গঁড়টোক উদ্ধাৰ কৰিবলৈ নোৱাৰাটো বিভাগটোৰ চূড়ান্ত বিফলতা বুলি সৰ্বত্ৰে চৰ্চা হৈছে।এটা চকুৰ দৃষ্টিশক্তি হেৰুৱা প্ৰাপ্তবয়স্ক গড়টো ট্ৰেংকুলাইজ কৰি কঁহৰাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত সুচিকিৎসা প্ৰদান কৰিব পাৰিলে হয় যদিও সেয়া দেখা পোৱা নগ'ল।তদুপৰি,অসুস্থ গঁড়টোক ৰাজ্যিক চিৰিয়াখানালৈ নিবৰ বাবে তিনিগৰাকী বিষয়াই এখন ট্ৰাক লৈ তিনিদিন ধৰি কুঠৰীত বাহৰ পাতি থাকি বন বিভাগৰ কোনো সহযোগিতা নাপাই বিফল মনে ঘূৰি যাব লগা হ'ল বিষয়াকেইগৰাকী।
ইফালে,গঁড়টোয়ে এসপ্তাহ ধৰি মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছতো বনমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীলৈ আহি গঁড়টোৰ উদ্ধাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাক লৈ প্ৰকৃতিপ্ৰেমী ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে।বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্যানখনৰ এনে এটা গুৰুত্বপূৰ্ণ বিষয়ক আওকান কৰাৰ বাবে গঁড়টোৰ মৃত্যু হোৱাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
- Log in to post comments
- 35 views