মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ দদৰাস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ এগৰাকী গ্ৰাহকৰ পৰা বাৰ লক্ষাধিক টকা হৰলুকি হোৱাৰ ঘটনাত সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ভুক্তভোগী গ্ৰাহক তথা যুৱ ব্যৱসায়ী বলেন ৰাজবংশীৰ পৰা জানিব পৰা মতে,ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাত তেওঁৰ নামত এটা ৩১২১৯২২৯৪১১ নং চি চি একাউণ্ট আছে।উক্ত একাউণ্টৰ পৰাই যোৱা ২৯ জুনৰ পৰা ২১ জুলাইলৈকে ধাৰাবাহিকভাৱে একাউণ্টৰ পৰা কোনো দুষ্ট চক্ৰই পইচা কাটি লৈ যায়।পিছত তেওঁ জিএচটিৰ বাবে প্ৰতি মাহে বেংকৰ পৰা উলিওৱা ষ্টেটমেণ্টৰ জৰিয়তেহে এই কথা জানিব পাৰে বুলি কয় ৷ লগতে তেওঁ উল্লেখ কৰে যে ২৫ জুনত তেওঁ এটা জীৱন বীমা নিগমৰ বাবে দুই লক্ষাধিক টকাৰ চেক উক্ত একাউণ্টৰ পৰা জমা দিয়ে।তাৰ পাছৰ পৰাই অৰ্থাৎ ২৯ জুনৰ পৰাই ২১ জুলাইলৈ পাঁঁচ হাজাৰ টকাকৈ দৈনিক কোনো দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰি আহিছে।ইতিমধ্যে,সমস্ত ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী বলেন ৰাজবংশীয়ে দদৰা আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছে।দদৰা আৰক্ষীয়ে ৭/৩৭/২০ নম্বৰত এটা গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে।এতিয়া আৰক্ষীৰ তদন্ততহে সকলো কথা ওলাই পৰিব।
- Log in to post comments
- 33 views