"সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে সক্ৰিয় মৰিগাঁও আৰক্ষী"-মৰিগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক

Morigaon Police

*মৰিগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আৰু সংবাদমাধ্যমৰ মত বিনিময়*
*পবিতৰা অভয়াৰণ্যত বনৰীয়া ম'হ আৰু গাহৰিৰ চোৰাং কাৰ্যৰ লগত জড়িত ২ জনক,জাগীৰোডৰ ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ*
 *বহিঃৰাজ্যৰ পৰা চুৰি কৰি অনা এখন বিলাসী গাড়ী জব্দ*


মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

মৰিগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ড: নন্দ সিং বৰকলা আৰু মৰিগাঁও জিলাৰ সংবাদ মাধ্যমৰ লোকসকলৰ মাজত বৃহস্পতিবাৰে এটা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত যায়।মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাষীশ বৰুৱাৰ উপস্থিতিত নৱনিযুক্ত আৰক্ষী অধীক্ষক ড: নন্দ সিং বৰকলাই জিলাখনৰ লগতে মৰিগাঁও নগৰৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰি জিলাখনৰ সামগ্ৰিক বিকাশ আৰু সামাজিক ব্যাধি প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজৰে সহায় সহযোগিতা কামনা কৰে। সমাজলৈ সুস্থ আৰু  শান্তিৰ বাতাৱৰণ ঘূৰাই অনাৰ ক্ষেত্ৰত সদায় সমাজ বিৰোধী চক্ৰৰ বিৰোদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে মৰিগাঁও জিলাত যোগদান কৰিয়েই কেইবাটাও অপৰাধী চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱা বুলি মন্তব্য কৰে। ইয়াৰ মাজতে পবিতৰা অভয়াৰণ্যত বানপানীৰ সুযোগ গ্ৰহণ দুষ্পাপ্য বনৰীয়া ম'হ আৰু গাহৰিৰ চোৰাং কাৰবাৰৰ লগত জড়িত চোৰাং  অপৰাধী চক্ৰৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা বুলি অৱগত কৰে।তদুপৰি,ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা জাগীৰোডৰ জেহিৰুল ইছলাম,আব্দুল হক,জৈন উদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে বহিঃৰাজ্য হাৰিয়ানাৰ  পৰা চুৰি কৰি অনা এইচ পি ০৪ ই-৯০০৯ নম্বৰৰ এখন বিলাসী গাড়ী (টয়'টা) ড্ৰাইভাৰসহ ধৰমতুল আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত জব্দ কৰে।আনহাতে,পবিতৰা অভয়াৰণ্যত এটা শক্তিশালী চক্ৰই  বন্যপ্ৰাণী চোৰাং কাৰবাৰত নামি পৰাত অভয়াৰণ্যখনৰ দুষ্পাপ্য বনৰীয়া জীৱ-জন্তুলৈ প্ৰৱল ভাবুকি নামি অহা বুলি মন্তব্য কৰে।এই ক্ষেত্ৰত মৰিগাঁও আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে দুষ্পাপ্য বনৰীয়া ম'হ আৰু গাহৰিৰ চোৰাং কাৰ্যৰ লগত জড়িত নজৰুল ইছলাম আৰু দীপাংক বিশ্বাস নামৰ দুজন লোকক বন্যপ্ৰাণী গোচৰৰ আধাৰত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।অধিক তদন্তৰ স্বাৰ্থত সকলো কথা অৱগত কৰাৰ পৰা বিৰত থকা আৰক্ষী অধীক্ষক ড: নন্দ সিং বৰকলাই কয় যে ৩ টা বনৰীয়া ম'হ অতি কৌশলৰে চোৰাং কাৰবাৰত  জৰিয়ত থকা নজৰুল ইছলামসহ  চক্ৰটোৱে পবিতৰা অভয়াৰণ্যৰ পৰা ধৰি আনি তাৰে ২ টা দুজন লোকক বিক্ৰী কৰি দিছিল আৰু এটা ম'হ কাটি মাংস ভগাই দিছিল।এই ক্ষেত্ৰত মায়ং আৰক্ষী থানাত ১৩০/২০২০ নং এক গোচৰ ৰুজু কৰা হৈছে।একেদৰে দীপাংক বিশ্বাস নামৰ লোকজনে বনৰীয়া গাহৰি চোৰাং কাৰ্যৰ লগত জড়িত থকাৰ বাবে মায়ং আৰক্ষী থানাত ১১৪/২০২০ নং এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা বুলি জনিবলৈ দিয়ে।

Your Comments