ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:
*১২ কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ*
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সোমবাৰে নলবাৰী জিলাৰ ধৰ্মপুুুৰ সমষ্টিৰ বানাক্ৰান্ত পখুৰা অঞ্চলত উপস্থিত হৈ বানে চিগা বুঢ়াদিয়াৰ মথাউৰি পৰিদৰ্শন কৰে।মুখ্যমন্ত্ৰী সোণোৱালে সন্ধিয়া বৰপেটা জিলাৰ ন-সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা পোনে পোনে ধৰ্মপুৰ সমষ্টিৰ শোলমাৰা হৈ পখুৰা মানৱজ্যোতি হাইস্কুল চ’কত উপস্থিত হৈ প্ৰায় এক কিলোমিটাৰ দূৰত থকা মথাউৰিৰে খোজকাঢ়ি গৈ সোনেষা জান নামৰ ঠাইত বুঢ়াদিয়াৰ বানে চিগা মথাউৰি পৰিদৰ্শন কৰে আৰু ভগ্ন মথাউৰি শীঘ্ৰে মেৰামতিৰ আশ্বাস দিয়ে।স্থানীয় ৰাইজৰ অভিযোগ শুনি মুখ্যমন্ত্ৰী সোণোৱালে বহু পুৰণি প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰিটো পুনৰ নিৰ্মাণ কৰা হ'ব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে।
বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন-কালত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা।মুখ্যমন্ত্ৰীগৰাকীয়ে মথাউৰিৰ ওচৰৰ বাসিন্দাসকলক মথাউৰিৰ ওপৰতে লগ কৰি তেওঁঁলোকৰ লগত মত বিনিময় কৰে।মুুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ লগত মত বিনিময় কৰি অসমৰ ৰাইজে একেলগে বহুকেইটা দুৰ্যোগৰ সন্মুখীন হৈয়ো সাহসেৰে যুঁঁজ দি প্ৰতিহত কৰাৰ বাবে ৰাইজক ধন্যবাদ জনায়।এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ৰ'নাক লৈ চৰকাৰে ৰাজনীতি কৰা নাই বুলিও দৃঢ়তাৰে কয়।
-
- Log in to post comments
- 11 views