সোমবাৰৰ পৰা তিনিদিনৰ বাবে নলবাৰীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা বন্ধ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সোমবাৰৰ পৰা তিনিদিনৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা বন্ধ থাকিব।তিনিদিন বন্ধ থাকিব আন্ত: আৰু বৰ্হি বিভাগৰ সকলো চিকিৎসা।চিকিৎসালয়খনৰ চাৰিজন চিকিৎসক আৰু হাস্পতালখনৰ অন্য কৰ্মচাৰীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰাৰ পিছত এই নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে।স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশ চিকিৎসালয়খনৰ অধীক্ষকলৈ প্ৰেৰণ কৰিছে।
উল্লেখ‍্য‍ যে নলবাৰীত শনিবাৰে ৪৫ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছিল ক'ৰ'না ভাইৰাছ।দেওবাৰে আকৌ নতুনকৈ ৩০ গৰাকীলোক আক্ৰান্ত হৈছিল।উল্লেখ‍্য‍ যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চাৰি জন চিকিৎসক ক্ৰমে ডাঃ অৰুণ বৰ্মন,ডাঃ বন্দনা ডেকা,ডাঃবলেন্দ্ৰ নাৰায়ণ ডেকা, শডাঃ প্ৰবোধ শৰ্মাৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে।

Your Comments