নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনীত দেওবাৰে নিশা প্ৰায় ৯.৩০বজাত নগাঁও আৰক্ষীয়ে এটা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই পিষ্টলসহ দুটা দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুটা হ'ল- চিলঙনী অঞ্চলৰ কুদ্দুছ আলী(২১) আৰু আমিনুল হক(৩২)।প্ৰাপ্ত তথ্য অনুসৰি,এটা গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নগাঁও চহৰৰ ধিং গেটৰ সমীপৰ চিলঙনীত নিশা অভিযান চলাই এই দুধৰ্ষ ডকাইত দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে অভিযান কালত ধৃত ডকাইত দুটাৰ পৰা এটা ৭.৬৫ পিষ্টল,১৬জাই সজীৱ গুলী,মোবাইল ফোন, ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এ এছ ০২ জেদ ১৭১১ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলখনৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।আৰক্ষীৰ সূত্ৰত জানিব পৰা মতে, ডকাইতৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথৰে নিশা চলাচল কৰা বাহনত ডকাইতি-কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।নিশা ডকাইতৰ দলটোৱে আৰক্ষীৰ অভিযানকাৰী দলটোৰ মুখামুখি হোৱাৰ পিছতে বাইকেৰে পলায়ন কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে জিলাখনত সন্ধ্যা ৭বজাৰ পুৱা ৭ বজালৈকে বলৱৎ থকা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি বৰ্তমান দুধৰ্ষ ডকাইটৰ দলে নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰাৰ পৰিকল্পনাৰ খবৰ নগাঁও আৰক্ষীয়ে ইতিপূৰ্বেই লাভ কৰিছিল।ইয়াৰ পিছৰে পৰা নগাঁও আৰক্ষী সষ্টম হৈ আছিল আৰু অৱশেষত ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰি সফলতা লাভ কৰিছে।সম্প্ৰতি নগাঁও আৰক্ষীয়ে ডকাইত দুটাৰ বিৰুদ্ধে ১৭৪১/২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
- Log in to post comments
- 10 views