নৰেন শৰ্মা,বাহাৰঘাট:
ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালা নিবাসী জ্যেষ্ঠ অগপ কৰ্মী,সমাজসেৱক আলহাজ চফিতউদ্দিন চৌধুৰী(৯০)ৰ দেওবাৰে আবেলি নিজ বাসভৱনত মৃত্যু হয়৷বাৰ্ধক্যজনিত ৰোগত মৃত্যু হোৱা সমাজসেৱীগৰাকীৰ মৃত্যুৰ বাতৰি পোৱা মাত্ৰকে অগনন গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷দেওবাৰে পুৱা ধৰ্মীয় ৰীতি-নীতি মতে সম্পূৰ্ণৰূপে সামাজিক দুৰত্ব বজাই বিশিষ্ট সমাজকৰ্মীগৰাকীৰ জানাজা সম্পন্ন কৰে৷জীৱিত কালত চৌধুৰী চতমা জামে মছজিদ পৰিচালনা সমিতি,ঈদগাহ ময়দান,বড়িগোগ বনভাগ বহুমুখী সমবায় সমিতি আৰু প্ৰতিষ্ঠা কালৰ পৰাই অগপ দেহাৰকুছি আঞ্চলিক সমিতিৰ লগত জড়িত হৈ আছিল৷অলপতে এইগৰাকী বৰ্ষীয়ান অগপ কৰ্মীক নলবাৰী সমষ্টিৰ অগপ যুৱনেতা দিলীপ কুমাৰ দাসে সম্বৰ্ধনা জনাইছিল৷দেওবাৰে চৌধুৰীৰ মৃত্যুৰ বাতৰি পোৱামাত্ৰকে নেতাজনে গভীৰ শোক প্ৰকাশ কৰি কয় যে চৌধুৰীক হেৰুৱাই আমি এজন সঁচা জাতীয়তাবাদী কৰ্মীক হেৰুৱালো৷আনহাতে,চৌধুৰীৰ মৃত্যুত সাংসদ দিলীপ শইকীয়া,নলবাৰীৰ বিধায়ক অশোক শৰ্মায়ো শোক প্ৰকাশ কৰে৷তদুপৰি,অগপৰ দেহাৰকুছি আঞ্চলিক সমিতি,নলবাৰী জিলা সমিতি,যুৱ পৰিষদ,বড়িগোগ বনভাগ বহুমুখী সমবায় সমিতি,চতমা জামে মছজিদ,ঈদগাহ উন্নয়ন সমিতি আদি কৰি বহুতো দল-সংগঠনে শোক প্ৰকাশ কৰে৷মৃত্যুৰ পূৰ্বে পত্নী হেৰুৱা চৌধুৰীয়ে মৃত্যুৰ সময়ত তিনিজন পুত্ৰ,চাৰিগৰাকী কন্যা সমন্বিতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷দুখৰ কথা যে চৌধুৰীয়ে জীৱিত কালতে তেওঁৰ জ্যেষ্ঠ পুত্ৰ আৰু কনিষ্ঠ কন্যাক হেৰুৱাব লগা হোৱাত যথেষ্ট দুখ অনুভৱ কৰিব লগীয়া হৈছিল৷
- Log in to post comments
- 7 views