কাজিৰঙাত মৃত্যুৰ ক্ষণ গনিছে এটা এশিঙীয়া গঁড়ে:বন বিভাগৰ নিৰ্লিপ্ততাত অসন্তুষ্ট প্ৰকৃতিপ্ৰেমী ৰাইজ

Rhino

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কাজিৰঙাৰ বানৰ কৱলত পৰি এটা প্ৰাপ্তবয়স্ক মতা গঁড়ে যোৱা চাৰিদিন ধৰি আশ্ৰয় লৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত।মৃত্যুৰ ক্ষণ গনা অসুস্থ গঁড়টোক লৈ টোপনি নোহোৱা হৈছে বন বিভাগ,আৰক্ষী বিভাগৰ।উদ্বিগ্ন হৈছে স্থানীয় ৰাইজ।কলিয়াবৰৰ কুঠৰীৰ দেউপানী তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু নিলগত দেখা পোৱা গৈছে এই ঘটনা।স্থানীয় বন বিভাগে জানিবলৈ দিয়া মতে বানপানীয়ে ভাগৰুৱা কৰা গঁড়টো কিছু বয়স্ক আৰু এটা চকুৰে ভালকৈ নেদেখে।যোৱা নিশা বহু সময়লৈকে পথৰ ওপৰতে ৰৈ বিমূৰত পেলাইছিল পথচাৰী তথা বনকৰ্মী আৰু আৰক্ষীক।পিছত যেনিবা বনাঞ্চললৈ নামি গৈছিল যদিও সোমবাৰে পুনৰ সমস্যাৰ সৃষ্টি কৰিছে গঁড়টোৱে।

Rhino

এটা চকু আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা গঁড়টোক ইতিমধ্যে গুৱাহাটীৰ পৰা অহা দুজনীয়া পশু চিকিৎসকৰ দলটোৱে ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে। কেইবাদিনো ধৰি অনাহাৰে থকা অসুস্থ গঁড়টোৰ প্ৰতি বন বিভাগে চৰম অৱহেলা কৰা বুলি অভিযোগ তুলি স্থানীয় একাংশ ক্ষুব্ধ লোকে কয় যে উদ্যান কৰ্তৃপক্ষই তিল-তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে নেকি খাদ‍্য আৰু ওখ ঠাইৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰাপ্তবয়স্ক গঁড়ক ।  উল্লেখ্য যে মাত্ৰ এটা মাহৰ ভিতৰতে দ্বিতীয়টো ভয়ানক বানৰ কবলত পৰিছিল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানখন।উদ‍্যানখনৰ প্ৰায় ৮০ শতাংশ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বেয়াকৈ বুৰাই পেলাইছিল না জল না থল অৱস্থা হৈছিল উদ‍্যানখনত থকা অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে অন্যান্য    বন্যপ্ৰাণীসমূহৰ।গঁড়ক বাদ দি অন‍্যান‍্য বহু বন‍্যপ্ৰাণী ওখ ঠাই আৰু খাদ‍্যৰ সন্ধানত ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ লগতে উদ‍্যানখনৰ পশ্চিম দিশত থকা কুকুৰাকটা পাহাৰলৈ ঢাপলি মেলিছে।সেই সময়তে প্ৰাপ্তবয়স্ক উল্লিখিত মতা গঁড় আহি কাজিৰঙাৰ সমীপৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাঘমাৰী গাঁৱত বানে বুৰাই থোৱা এঘৰৰ ভঁড়াল ঘৰ ভঙাৰ পিছতে আন তিনিঘৰ লোকৰ ঘৰ ভাঙি অনিষ্ট সাধন কৰিছিল।দৰাচলতে গঁড়টোয়ে এটা চকুৰে নেদেখাৰ বাবেই এইদৰে বানৰ কৱলত পৰি গাঁওখনত প্ৰৱেশ কৰিছিল।সেই সময়ত ঘৰৰ গৰাকী ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁঁতিত আশ্ৰয় শিবিৰত আছিল।তাৰ পিছতেই যোৱা শুকুৰবাৰে দুৰ্বল হৈ পৰা গঁড়টো আহি কলিয়াবৰ মহকুমাৰে দেওপানীৰ ৩৭ নং ৰাষ্ট্ৰীয়পথত উঠে।গঁড়টোক বন বিভাগ, জখলাবন্ধা আৰক্ষীয়ে পুনৰ কাজিৰঙাৰ দিশে খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও গঁড়টো পুনৰ দক্ষিণ দিশৰ পানী জুঁঁৱলীত নামি পৰে।বহু দিন ধৰি খাবলৈ নোপোৱা গঁড়টো দুৰ্বল হৈ পৰাৰ লগতে কোনো ৰোগত আক্ৰান্ত হোৱা বুলি স্থানীয় লোকে প্ৰত‍্যক্ষ কৰি জানিবলৈ দিছে। আনহাতে,গঁড়টো যে কিছু অসুস্থ আৰু এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে সেই কথা বন বিভাগৰ চিকিৎসকেও ইতিমধ্যে নিশ্চিত কৰিছে।তাৰ পিছতো বন বিভাগে অসুস্থ গঁড়টোক ট্ৰেংকুলাইজ কৰি বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ নি সু-চিকিৎসা কৰাত পলম কৰিছে বুলি অভিযোগ আনিছে স্থানীয় সচেতন মহলে।বহু সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় পথতে গঁড়টো শুই পৰিছিল।সেই সময়তে গঁড়টোক লৈ যোৱাৰ ব‍্যৱস্থা নকৰি বন বিভাগে পুনৰ পানীলৈ খেদি পঠিয়ায়।বৰ্তমানলৈকে গঁড়টো পানীতেই উপঙি থাকিব লগা হৈছে ।  অবশ্যে তিনিদিনৰ মূৰত আজি কেইডালমান ঘাঁঁহ  গুজি দিয়া হৈছে যদিও সেয়া নগন্য। সোমবাৰে বিয়লিৰ সময়ত পানী জুঁঁৱলীত সোমাই মৃত্যুৰ ক্ষণ গনি থকা গঁড়টোৰ কাষত কেইজনমান বনকৰ্মী আৰু আৰক্ষীৰ বাহিৰে কোনো নাই।বন বিভাগে গড়়টো গুৱাহাটী চিৰিয়াখানাত এৰি দিয়াৰ কথা ঘোষণা কৰিছে যদিও তেনেধৰণৰ কোনো ব্যৱস্থা বনবিভাগৰ লোৱা পৰিলক্ষিত নহ'ল| ইতিমধ্যে উদ্যানখনত পানী কিছু কমাৰ ববে গড়ঁটোৱে উদ্যানখনৰ ভিতৰভাগলৈ সোমাই যোৱা দৃষ্টিগোচৰ হৈছে।ইফালে,গঁড়টোৰ  ক্ষেত্ৰত সঠিক ব্যৱস্থা নোলোৱাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বহুতে।বন বিভাগে গঁড়টোক মৃত্যুৰ মুখলৈ ঠেলি দিছে নেকি বুলিও ৰাইজে চৰকাৰক প্ৰশ্ন কৰিছে।

 

Your Comments