মৰিগাঁৱত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই

Sarbananda Sonowal

মৰিগাঁৱৰ পৰা জিতুুুমণি নাথ:

মৰিগাঁও জিলাৰ ৫ টা ৰাজহ চক্ৰত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত দেওওবাৰে জিলাখনৰ বান পৰিস্থিতি বুজ লয়হি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,ৰাজ্যিক স্থাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই। বিশেষকৈ জিলাখনৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মায়ং ৰাজহ চক্ৰৰ ঝাৰগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ    বন্যাৰ্তৰ মাজত মাজত মত বিনিময় কৰে। ইয়াৰ পিছতেই আধা ঘন্টা সময় নাঁৱেৰে যাত্ৰা কৰি মদনাবড়ীত উপস্থিত হয়গৈ।দ্বীপপুঞ্জ সদৃশ গাঁওখনৰ ওখ ঠাইখন পৰিদৰ্শন কৰাৰ অন্তত মুখ্যমন্ত্ৰীয়ে জিলাখনত চলিত বানত মৃত্যু হোৱা ৭ জন লোকৰ ভিতৰত ৩ জন লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ একোখন চেক প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰে গাঁওবুঢ়াসকলৰ মাজত বিতৰণ কৰি থকা স্মাৰ্ট ফোন স্থানীয় ৩ জন গাঁওবুঢ়াক প্ৰদান কৰে।তদুপৰি,জিলাখনৰ বান পৰিস্থিতিৰ কথা অনুধাৱন কৰিয়েই মায়ং আৰু ভূৰাগাঁৱৰ মাজত উন্মুক্ত ভগ্নাংশ ব্ৰহ্মপুত্ৰ মথাউৰিটো পুনৰ নিৰ্মাণৰ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ধন মোকলাই দিব বুলিও ঘোষণা কৰে।উল্লেখ্য য বান পৰিস্থিতিৰ বুজ ল'বলৈ অহা মুখ্যমন্ত্ৰীগৰাকীক তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তা,বিধায়ক ৰমাকান্ত দেউৰী,জিলা উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক ড: নন্দ সিং বৰকলাকে আদি কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে সংগ প্ৰদান কৰে।উল্লেখ্য যে বৰ্তমানেও জিলাখনৰ ৩৮০ খন গাঁৱৰ ৪১,৯৫৯ হেক্টৰ কৃষি ভূমিৰ লগতে ৩,৫১,৬২০ জন লোক বানৰ কৱলত আছে।

Your Comments