চৰাইদেউৰ পৰা ঘন বৰা:
সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ,তেওঁৰ ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ ৰয় আৰু গাড়ী চালক ৰঞ্জিত গগৈৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ পজিটিভ। বিধায়িকাগৰাকীৰ ৰেপিড টেষ্টত ধৰা পৰে ক'ভিড পজিটিভ।
দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ, তেওঁৰ ব্যক্তিগত সহায়ক যীশু পাল আৰু গাড়ী চালক কাৰ্তিক বড়াৰ দেহত ধৰা পৰিছিল ক'ভিড পজিটিভ।পুত্ৰ তথা ব্যক্তিগত সহায়ক আৰু গাড়ী চালকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰাৰ আগদিনা চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,মন্ত্ৰী যোগেন মহনৰ লগতে বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াৰ সৈতে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভাত অংশগ্ৰহন কৰিছিল বিধায়িকা নৱনীতা সন্দিকৈয়ে।যাৰ ফলত চৰাইদেউত গণ সংক্ৰমণৰ আশংকাই দেখা দিছে।
- Log in to post comments
- 16 views