গুৱাহাটীৰ ভিআইপি ৰোডত চিপ লৈ আত্মহত্যা যুৱকৰ।হিন্দুস্তান কলেজৰ সমীপৰ মেগজিনত পথৰ ডিভাইডাৰৰ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ নাম হৈছে নিপেন ডেকা(নিতুল)।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ৩০-৩৫ বছৰ হ'ব যুৱকজনৰ।দৰং জিলাৰ ছিপাঝাৰৰ যুৱকজনে নিৰুপমা ইঞ্জিনীয়াৰিঙত কাম কৰিছিল।ক'ৰ'না বাবে হোৱা লকডাউনত নাপিতৰ কাম কৰিছিল।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে শনিবাৰে পুৱাৰ ভাগত গছত ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিছিল।অৰ্থনৈতিক সমস্যাৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে প্ৰাথমিক তদন্তত।
- Log in to post comments
- 19 views