নগাঁৱৰ পৰা ৱাহিদুদ জামান:
"আগষ্টৰ শেষৰ ফালে নগাঁৱত ক'ৰ'না ৰোগীৰ সংখ্যাই ২৫০০ অতিক্ৰম কৰিব।গুৱাহাটীৰ পিছতে যি কেইখন চহৰত ক'ৰ'নাৰ গণ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা আছে,তাৰ ভিতৰত নগাঁও অন্যতম। সেয়ে নগাঁৱতো আৰম্ভ কৰা হ'ব ৰেপিড টেষ্ট। নগাঁৱত এতিয়া ৩০০ ৰোগীক চিকিৎসা কৰিব পৰাকৈ স্বাস্থ্য বিভাগ সাজু।কিন্তু যিহেতু ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে,সেয়ে বিকল্প ব্যৱস্থাৰ বাবে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰা হৈছে। নগাঁও আৱৰ্ত ভৱনত শুকুৰবাৰে আয়োজিত সংবাদমেলত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। দিনৰ ১২বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা ক'ভিড-১৯ চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিছতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নগাঁও আৱৰ্ত ভৱনত জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকৰ সৈতে বৈঠকত মিলিত হয়।আৱৰ্ত ভৱনত আয়োজিত এই বৈঠকত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।ইফালে,প্লাজমা থেৰাপি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত প্লাজমা দান কৰা লোকৰ সংখ্যা তেনেই তাকৰ।এতিয়ালৈকে মাত্ৰ ৭-৮জন মানুহে প্লাজমা দান কৰিছে।ইফালে,নগাঁৱত লকডাউন দিয়া সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় -"এতিয়ালৈকে নগাঁৱত লকডাউনৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই। কিন্তু যদি পৰিস্থিতি বেয়া হয়,তেনেহ'লে জিলা উপায়ুক্তক এই সন্দৰ্ভত সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছে।"নগাঁৱৰ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰাৰ পিছতে মন্ত্ৰীগৰাকী গোলাঘাটলৈ ৰাওনা হয়। উল্লেখযোগ্য যে নগাঁও চহৰৰ চাৰিখন বিদ্যালয়ত স্বাস্থ্য বিভাগে ৰেপিড টেষ্টৰ কাম আৰম্ভ কৰাৰ লগতে এতিয়াৰে পৰা নগাঁৱতো স্বাৱ টেষ্টৰ ফলাফল মাত্ৰ ৩০মিনিটতে পাব বুলিও সংবাদ মাধ্যমক অৱগত কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
- Log in to post comments
- 63 views