প্ৰাক্তন আন্ত:জিলা ক্ৰিকেটাৰ বৰপেটাৰ শিৱম দাসৰ আত্মহনন

Siwam Das

প্ৰতিভাৱান ক্ৰিকেটাৰ শিৱম দাস(২২)য়ে শুকুৰবাৰে বৰপেটাৰ বিলৰতাৰীহাটীৰ ভাড়াঘৰত আত্মহননৰ পথ বাছি লয়।১৬ বছৰ অনুৰ্ধ শাখাত বৰপেটা জিলাৰ হৈ কেইবাখনো ক্ৰিকেট খেল খেলি নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হোৱা শিৱম দাসে চৰম হতাশাত ভুগি আত্মহননৰ পথ বাছি লোৱা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, শিৱম দাসৰ পিতৃ পৰমেশ্বৰ দাসে বৰপেটা আৰক্ষীত চাকৰি কৰাৰ সূত্ৰে কেইবা বছৰ ধৰি বৰপেটা চহৰত ভাড়াতীয়া হিচাপে আছিল।বৰপেটা চহৰৰ বিলতাৰীহাটীৰ দ'পাৰাৰ ভাড়াঘৰতে আজি দিনৰ প্ৰায় ২ বজাত আত্মহননৰ পথ বাছি লয় শিৱম দাসে।এই কৰুণ ঘটনাৰ পিছতেই অঞ্চলটোত শোকৰ ছাঁ পৰে।

Your Comments