ঋতু পৰ্ণ শৰ্মা,নগাঁও:
বিগত কেইবাদিনো ধৰি ৰাজ্যখনৰ অন্য এলেকাসমূহৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত জিলাখনৰ নৈ-উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈ ন ন অঞ্চল বুৰাই পেলাইছে।জিলাখনৰ মাজেৰে বৈ যোৱা কলং নৈৰ উপৰি কপিলী, হাৰিয়া,ননৈ,বৰাপানীৰ পানী বিপদ সীমাৰ উপৰেৰে বৈ আছে।জিলা প্ৰশাসনৰ তথ্য অনুসৰি ৰহা,ধিং,কামপুৰ,চামগুৰি,কলিয়াবৰ ৰাজহ চক্ৰৰ এলেকাধীন বহু অঞ্চল বানৰ কৱলত পৰিছে।ইফালে,ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি ধিং আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ প্ৰায় ৩০ৰো অধিক গাঁও প্লাৱিত কৰিছে।কলিয়াবৰ ৰাজহ চক্ৰৰ কেইবা হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ওখ স্থানত আশ্ৰয় লৈছে।বানপানীৰ সমান্তৰালকৈ বৰঘূৰি আৰু ভূৰবন্ধা অঞ্চলত ব্ৰহ্মপুত্ৰই ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে।আনহাতে,ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৭০খনৰো অধিক গাঁও কপিলী আৰু বৰাপানী নৈৰ বানৰ কৱলত পৰিছে।কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই ৬খন গে'টৰে পানী এৰি দিয়াৰ ফলত বৰাপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ কামপুৰ ৰাজহ চক্ৰৰ ৩০ খন আৰু ৰহা ৰাজহ চক্ৰৰ ৪০ৰো অধিক গাঁও বানৰ কৱলত পৰিছে।
- Log in to post comments
- 10 views