দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
সাংসদ দিলীপ শইকীয়াই বুধবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা আৰু চত্ৰা (নহাউলী)গাঁৱৰ সদ্যপ্ৰয়াত দুগৰাকী বিজেপি কাৰ্যকৰ্তাৰ গৃহত উপস্থিত হৈ খা-খবৰ লয়।উল্লেখ্য যে ১৪নং পূব বনভাগ পঞ্চায়তৰ অন্তৰ্গত আকানা গাঁৱৰ বুথৰ সভাপতি সীমান্ত পাঠকে যোৱা ৩ জুলাইত বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ বিপৰীতে ১৩ নং ঘগ্ৰাপাৰ পঞ্চায়তৰ অন্তৰ্গত চত্ৰা নহালী গাঁঁও নিবাসী অসম আন্দোলনৰ নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ কার্য্যকৰ্তা দীনেশ মল্ল বৰুৱাৰ যোৱা ১১ জুলাইত জ্বৰত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হৈছিল।
৮নং মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মধুৰাম ডেকা,বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বড়িগোগ বনভাগ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি গৌতম কাকতি,নলবাৰী জিলা বিজেপিৰ সম্পাদক দ্বীপেন কলিতা,১৪ নং পূব বনভাগ পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশীৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যকৰ্তাসকলে।
- Log in to post comments
- 49 views