ঋতু পৰ্ণ শৰ্মা,নগাঁও:
ঠিক অসমীয়া মানুহ নহয়/অসম শ্মশান নোহে কোনে কয়/ই অসভ্য দেশ মনুষ্যত্ব লেশ/নাই একেবাৰে ভাৰত মাজে/উলংগ দেশৰ কাম কি ধোবাৰ/নোশোভে লোকক কাপোৰ সাজে/ঠিক অসমীয়া মানুহ নহয়/অসম শ্মশান নোহে কোনে কয়?"–এনেদৰেই এটি-দুটিকৈ কবিতা পাঠেৰে মঙলবাৰে স্মৰণ কৰা হয় অসমীয়া সাহিত্য জগতত 'এখুদ ককাইদেউ'ৰূপে খ্যাত যশস্বী কবি তথা ঔপন্যাসিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱকান্ত বৰুৱাক।নগাঁও জিলা কবি সন্মিলন আৰু কলংপৰীয়া শাখা সাহিত্য সভাৰ আতিথ্যত বঢ়মপুৰ তিনিআলিৰ কলঙৰ দলঙত আয়োজিত অনুষ্ঠানত গীত-কবিতা পৰিৱেশন কৰে শিল্পী গোলাপ বৰা,হেৰম্বপ্ৰসাদ গোস্বামী,ডাঃ প্ৰয়াগ শইকীয়া,কুমাৰ বিভূতি,নৰেন্দ্ৰনাথ বৰা,দীপিকা বৰা,দুলাল বৰা,পৱন শৰ্মা,ৰিতু নেওগ আদিয়ে।উল্লেখ্য যে বহুকেইজন কবিয়ে দলঙৰ ওপৰত জাতীয় চেতনামূলক কবিতা পাঠ কৰি কবিতাক পুষ্প জ্ঞান কৰি কবিতাৰ কাগজ কলং নৈত উটুৱাই দিয়ে।
- Log in to post comments
- 21 views