বটদ্ৰৱাত ১০খন বিছনাযুক্ত ক'ভিড চিকিৎসালয়ৰ শুভাৰম্ভণি

Batadraba

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মাৰ প্ৰতিবেদন :

ৰাজ্যত ক'ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ষষ্ঠদশ অসম আৰক্ষী(সংৰক্ষিত)বাহিনীয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।মংগলবাৰে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বৰমণিপুৰস্থিত অসম আৰক্ষীৰ ষষ্ঠদশবাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাৰ উদ্যোগত এখন ১০খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰা হয়।ইয়াৰ পাছতেই মংগলবাৰে  ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই  নৱনিৰ্মিত চিকিৎসালয়খনৰ শুভাৰম্ভণি কৰে।আনহাতে ভাষণ প্ৰসংগত মহন্তই ক'ৰোনাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ ওপৰত বক্তব্য ৰখাৰ পাছতেই কিছুদিন পূৰ্বে মৃত্যু হোৱা নগাঁৱ শেনছোৱাৰ আৰক্ষী হাবিলদাৰ হৰেশ্বৰ নাথক শ্বহীদ ঘোষণা কৰে।উল্লেখ্য যে নৱনিৰ্মিত চিকিৎসালয় খনৰ উদ্বোধনী কাৰ্যসূচীত ডি আই জি ব্ৰজেন জিৎ সিনহা,জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰক'লা উপস্থিত থাকে

Your Comments