হাজোৰ বান পৰিস্থিতিৰ জটিল ৰূপ:জলসম্পদ মন্ত্ৰীক 'আছু'ৰ ধিক্কাৰ

Hajo Flood

হাজোৰ পৰা কমলাকান্ত দাস:

মহামাৰী ক'ৰ'নাৰ বিভীষিকাৰ মাজতে ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদৰ অকৰ্মণ্যতাৰ বাবে পুনৰ ভয়াৱহ বানৰ কৱলত পৰিল হাজোৰ সৰ্বসাধাৰণ।যোৱা বৰ্ষৰ প্ৰলয়ঙ্কৰী বানত ভগ্ন মথাউৰি খৰালিত পুনৰ নিৰ্মাণৰ পৰিৱৰ্তে বাৰিষাৰ বতৰত এপ্ৰিল-মে' মাহত নিৰ্মাণৰ নামত চলোৱা ভেকোভাওনাৰ ফলত বৃহত্তৰ হাজো অঞ্চলৰ ৰাইজে ভুগিব লগা হ'ল।উল্লেখ্য যে যোৱা বৰ্ষত ১২ জুলাইত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে তিনি ঠাইত মথাউৰি ছিঙি সৃষ্টি কৰা সংহাৰী বানত ত্ৰাহি মধুসূদন সোঁৱৰা দুৰ্বিষহ স্মৃতি মাৰ নৌযাওঁতেই কাকতলীয়ভাৱে এইবেলি পুনৰ একেটা দিনতে বানৰ কবলত পৰিব লগা হ'ল।'বন্যাৰ্তৰ বন্ধু' বনমালী শৰ্মাই সম্পূৰ্ণ নিজৰ ধন ব্যয় কৰি ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ জৰিয়তে হাজোৰ বন্যাৰ্ত ৰাইজক সাময়িক সকাহ দিছিল যদিও পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ জৰিয়তে পুঠিমাৰী নৈৰ ভগ্ন মথাউৰী পুনৰ নিৰ্মাণৰ বাবে প্রায় ৮০ কোটি টকা আৱণ্টন দিয়ে।কিন্তু,জলসম্পদ বিভাগৰ আশীষ ধন্য ঠিকাদাৰে বাৰিষাৰ বতৰত মথাউৰি নিৰ্মাণৰ নামত ভেকোভাওনা চলাই অৰ্ধ নিৰ্মিত অৱস্থাতে পেলাই থোৱাৰ পৰিণতিত শনিবাৰে নিশা পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে ৰঙিয়াৰ বগৰীবাৰীত মথাউৰি ছিঙাৰ পিছতো পুঠিমাৰী নৈৰ উত্তৰ পাৰৰ হাজো আৰু কমলপুৰ সমষ্টিৰ সীমান্তৱৰ্তী কাবিলা আৰু দক্ষিণ পাৰৰ অন্তৰ্গত হাজোৰ ৩ নং মনাহকুছিৰ দুঠাইৰ লগতে কছুৱাৰবড়ী পুনৰ মথাউৰি চিঙি বিভীষিকাৰ সৃষ্টি কৰিছে।শনিবাৰে য়নিশা ৩নং মনাহকুছিৰ দুঠাইত আৰু পুৱা কাবিলাত পুঠিমাৰী নৈৰ উত্তৰ দিশৰ মথাউৰি আৰু পুৱতি নিশা নৈখনৰ দক্ষিণ দিশত কছুৱাৰবড়িত মথাউৰি চিঙি বিস্তৃৰ্ণ অঞ্চল বুৰাই পেলায়।চাৰি ঠাইৰ ভগ্ন মথাউৰিৰে তীব্ৰ বেগেৰে ওলাই থকা নৈখনৰ  বাঢ়নি পানীয়ে কমলপুৰ,ৰঙিয়াৰ লগতে আৰু হাজো সমষ্টিৰ অন্তৰ্গত কেইবা শতাধিক গাঁৱৰ লক্ষাধিক লোকৰ ঘৰ-বাৰী বুৰাই বিস্তৰ ক্ষতি সাধন কৰিছে।ইফালে, ভগ্ন মথাউৰিয়েদি হুৰহুৰাই সোমাই অহা পুঠিমাৰী নৈৰ লগতে ভূতৰ ওপৰত দানহ পৰা দি পাগলদিয়া,বৰলীয়া নৈ আৰু ভৈৰাটোলা জানৰ সংহাৰী ৰূপে বৰমবৈ,কেতেকীবাৰী, উখুৰা, জাপিয়া,ভোমাৰবৰী, বাগটা, সাতদলা,ৰাজাবজাৰ,বুল্লুট,হিৰাজেনী,কঁঠালঘোপা, শনিয়াদি, কলিতাকুছি, বামুনবৰী,অধিয়াৰপাৰা, বৰ্ণি,মেলেকিপাৰা,দলৈ তোলা, কছুৱাৰবৰী ,হাদালা,দধি, মানাহ কুছি,বাহানা,তেঁতেলীয়া, চেঁচা,কুলহাটী,ওৰগাল,ন-কুছি,অভয়পুৰ, গেৰুৱা,পাঁচগাঁও অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে।অনুৰূপ ধৰণেৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বৰছলি, বঙালপাৰা আদি অঞ্চলত সংহাৰী  ৰূপ ধাৰণ কৰিছে।বাঢ়নী পানীয়ে মনাহকুছি-বৰম্বৈ-ডিমু-ৰঙিয়া পথ,কলিতা কুছি-সাত দলা-বাগটা পথ,একাদি-দিহিনা-জাপিয়া পথ,বামুনবৰী-হিৰাজেনী একাদি পথ,বুল্লুট-কোঁৱৰপুৰ-দক্ষিণ শিংৰা পথ বুৰাই পেলোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বন্যাৰ্ত ৰাইজ।নিজৰ ঘৰ-দুৱাৰ পানীৰ পৰা বচাবলৈ বহু পথত ৰাইজে বাঁহ বান্ধি দিয়া পৰিলক্ষিত হৈছে।বাঢ়নী পানীৰ কোবাল সোঁতত মানাহকুছি-বৰম্বই-ডিমু-ৰঙিয়া পথৰ বৰম্বই পাহাৰৰ সমীপত পথটো প্ৰৱল খহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে।হঠাতে অহা বাঢ়নী পানীত একাংশ বন্যাৰ্ত ৰাইজৰ পোহনীয়া হাঁহ,কুকুৰা,গৰু,ছাগলী সন্ধানহীন হৈছে।লাখ লাখ টকা খৰছ কৰি মৎস্য পালন কৰা শ শ পুখুৰীৰ সকলো মাছ ওলাই গৈছে।কোনোমতে জীৱটো লৈ ওখ ঠাই আৰু মথাউৰিত আশ্ৰয় গ্ৰহণ কৰা বন্যাৰ্ত লোকে সকলো হেৰুৱাই এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে।দমকল,কুঁৱা সকলো বানত বুৰ যোৱাত এটুপি পানীৰ বাবেও সংকটত পৰিছে।অৱশ্যে দেওবাৰে দুপৰীয়া এ ডি চি গুণজিত ৰায় চৌধুৰী,হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰাই পৰিদৰ্শন কৰি বন্যাৰ্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লৈ শীঘ্ৰেই যথাবিহীত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক 'আছু'ৰ ধিক্কাৰ,বান সাহাৰ্য্যৰ দাবী:-

ইফালে,দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত হাজো আৰু দমদমা 'আছু'ৰ এটি সঁজাতি দলে মনাহকুছি আৰু কছুৱাৰবড়িত উপস্থিত হৈ বন্যাৰ্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয়।পালমৰা ঠিকাদাৰৰ হেমাহিৰ লগতে বাৰিষা কালত অৰ্ধনিৰ্মিত অৱস্থাত ৰখা মথাউৰিৰ বাবে মহামাৰী ক'ৰনাৰ বিভীষিকাৰ মাজতে হাজোৰ ৰাইজ পুনৰ বানৰ কবলত পৰিব লগা হ'ল বুলি প্ৰকাশ চন্দ্ৰ দাসে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।জলসম্পদ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে হাজোৰ ৰাইজে পুনৰ বানত ককবকাব লগীয়া হোৱাত তেওঁ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক অকৰ্মণ্য আখ্যা দিয়ে আৰু  বিভাগটোৰ ব্যৰ্থতাৰ বাবে মন্ত্ৰীগৰাকীক  ধিক্কাৰ দিয়ে।আনহাতে,'আছু'ৰ সঁজাতি দলটোৱে হাজোৰ বন্যাৰ্ত ৰাইজৰ মাজত শীঘ্ৰেই পৰ্যাপ্ত বান সাহায্য বিতৰণৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Your Comments